ঘিলামৰাত ভয়ংকৰ দুৰ্ঘটনা, ভৰি ছিঙি দুটুকুৰা হ’ল শিক্ষক দুলুমণি বৰুৱাৰ…

ঘিলামৰাত ভয়ংকৰ দুৰ্ঘটনা, ভৰি ছিঙি দুটুকুৰা হ’ল শিক্ষক দুলুমণি বৰুৱাৰ…

author-image
asomiyapratidin
New Update
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ইশ্বৰৰ…

ডিজিটেল সংবাদ ,ঢকুৱাখনা: স্বাধীনতাৰ অমৃত মহোৎসৱ উল্লাহৰ মাজতেই সোমবাৰে বিয়লি  গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ ঘিলামৰা থানাৰ সন্মুখতেই  সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা ।

Advertisment

ঢকুৱাখনাৰ পৰা লখিমপুৰ অভিমুখী এ এছ ০১-ডি এক্স ২৮০১ নম্বৰৰ এখন হুণ্ডাই ইয়ন গাড়ী আৰু লখিমপুৰ দিশৰ পৰা ঢকুৱাখনালৈ আহি থকা এ এছ ০৭-এফ-৯৪৬৩ নম্বৰৰ এখন গ্লেমাৰ বাইকৰ মুখামুখি সংঘৰ্ষ হয় । প্ৰচণ্ড গতিত লখিমপুৰ অভিমুখে গৈ থকা  গাড়ীখনে বাইক আৰোহী ঢকুৱাখনা দেৱলীয়া গাঁ‌ৱৰ দুলুমণি বৰুৱাৰ(৪২) মাৰাত্মক জোৰত খুন্দা মাৰি বহু দূৰ চোচৰাই নিয়ে।

পৰিণতিত বাইক চালক দুলুমনি বৰুৱাৰ  সোঁ‌ভৰিখন আঁঠুৰ  ওচৰত ছিঙি যায় ওলমি পৰে। ঘিলামৰা আৰক্ষীৰ তৎপৰতাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত ব্যক্তিজনক ঘিলামৰা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে জৰুৰীকালীন ভাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে দূৰ্ঘটনা সংঘটিত কৰা  ঘাটক গাড়ীখনৰ চালকসহ গাড়ীখন ঘিলামৰা আৰক্ষীয়ে আটক কৰি জব্দ কৰিছে ।

আৰু পঢ়ক: বোকাখাত ৰাজহুৱা খেলপথাৰত স্বাধীনতা দিৱস উদযাপন…

assam road accident