ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা গঠন

সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী শাখা ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাখন সোমবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা গঠন

ডিজিটেল সংবাদ, ঢকুৱাখনা: সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী শাখা ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাখন সোমবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয় । পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত পুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দত্তৰ পতাকা উত্তোলনেৰে অধিবেশন আৰু বিষয় বাছনি সভাৰ কাৰ্যসূচীৰ পাতনি মেলা হয় ।

পৰৱৰ্তী কাৰ্যসূচী  শ্বহীদ তৰ্পণ অনুষ্ঠান সম্পন্ন  কৰে  আঞ্চলিক সাধাৰণ সম্পাদক  বেদান্ত সন্দিকৈয়ে । বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ  শ্ৰুতিমধুৰ সমবেত সংগীতেৰে উদ্ধোধন কৰা প্ৰতিনিধি ও বিষয় বাছনি সভা উদ্বোধন কৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ  দুলু শইকীয়াই। 

মৃগাংক দত্তৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি ও বিষয়বাচনি  সভাত নিৰ্দিষ্ট বক্তা হিচাবে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ , আমন্ত্ৰিত অতিথি হিচাপে  জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক জ্ঞানদীপ বৰা , উপ সভাপতি হীৰক জ্যোতি চুতীয়া আৰু মহকুমা ছাত্ৰ সন্থাৰ সভাপতি পল্লৱ বৰুৱাই সাম্প্ৰতিক সময়ত ছাত্ৰ সন্থাৰ কৰণীয়তা আৰু এখন দুৰ্নীতি মুক্ত ,সুষ্ঠ শৈক্ষিক বাতাবৰণ সমৃদ্ধ সমাজ গঠনত ছাত্ৰ সন্থাৰ ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়াই।

সভাত  পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পুষ্প দত্তই নব গঠিত সমিতিখনৰ প্ৰতি শুভেচ্ছা মূলক বক্তব্য  আগবঢ়াই ।  গৰিষ্ঠ সংখ্যক ছাত্ৰ কৰ্মী উপস্থিত থকা বিষয় বাছনি সভাত  পুৰণি সমিতিখনে পদত্যাগ কৰাৰ পাছত  স্বৰাজ শংকৰ গগৈ আৰু  মৃগাংক দত্তক উপদেষ্টা  , বেদান্ত সন্দিকৈক সভাপতি , লক্ষ্যজিত দাস , কৌশিক দাস , সুজাতা গগৈক উপ সভাপতি, ভাস্কৰ জ্যোতি দত্তক সাধাৰণ সম্পাদক ,  নৱ গগৈক বিত্ত সম্পাদক, ৰিদিপ চেতিয়া , ৰাজ বৰাক সহকাৰী সাধাৰণ সম্পাদক  হিচাপে লৈ ৭১ জনীয়া  শক্তিশালী ঢকুৱাখনা আঞ্চলিক সমিতিখন গঠন কৰা হয় । সভাতেই ঢকুৱাখনাৰ বিভিন্ন অভাৱ সমস্যাৰ সন্দৰ্ভত  বহু কেইটা গুৰুত্বপূৰ্ণ  প্ৰস্তাৱ গ্ৰহণ কৰি জিলা সমিতিলৈ  প্ৰেৰণ কৰা হয় ।

assam dhakuakhana