বটদ্ৰবা থানা আক্ৰমনত ড্ৰাগছ মাফিয়া, কুখ্যাত ডকাইত : ব্যৱহাৰ হৈছিল নেকি পেট্ৰ’ল বোমা ?

বটদ্ৰবা থানা আক্ৰমনত ড্ৰাগছ মাফিয়া, কুখ্যাত ডকাইত : ব্যৱহাৰ হৈছিল নেকি পেট্ৰ’ল বোমা ?

author-image
asomiyapratidin
New Update
বটদ্ৰবা থানা আক্ৰমনত ড্ৰাগছ মাফিয়া, কুখ্যাত ডকাইত : ব্যৱহাৰ হৈছিল নেকি পেট্ৰ’ল বোমা ?

ডিজিটেল সংবাদ,নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু কৰ্মভূমি বটদ্ৰবাত আৰক্ষী থানাত অগ্নি সংযোগ কৰা ঘটনাৰ তদন্তত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ ঘটনা সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। তেওঁ কয় যে আশংকা কৰাৰ দৰে শনিবাৰে বটদ্ৰবা থানাত পেট্ৰল ঢালি অগ্নিসংযোগ কৰা ঘটনাৰে ড্ৰাগছ মাফিয়া ,কুখ্যাত ডকাইত আদি জড়িত থকাটো নিশ্চিত হৈছে ৷ অগ্নিসংযোগৰ সময়ত ড্ৰাগছ মাফিয়া ,কুখ্যাত ডকাইত উপস্থিত আছিল জনতাৰ মাজত ৷ উপস্থিত এই দুস্কৃতিকাৰীৰ বিৰুদ্ধে বটদ্ৰবা আৰক্ষী থানাত গোচৰ, কেছ ডায়েৰী, চাৰ্জচিট আদি জমা আছিল ৷

Advertisment

তদন্তত প্ৰথম পৰ্যায়ত ড্ৰাগছ ব্যৱসায়ী আনোৱাৰ আৰু দুৰ্ধৰ্ষ ডকাইত আল্লাউদ্দিনক আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ থানাত অগ্নিসংযোগ কৰাৰ সময়ত আনোৱাৰ , আল্লাউদ্দিন প্ৰথমশাৰীত আছিল ৷ আৰক্ষীয়ে ঘটনাৰ সময়ৰ ভি ডি অ' পৰীক্ষা কৰি আছে ৷ সন্দেহ কৰিছে আনোৱাৰ, আল্লাউদ্দিনৰ দৰে আৰু দুস্কৃতিকাৰী সেই সময়ত উপস্থিত আছিল ৷

বটদ্ৰবা আৰক্ষী থানা জ্বলোৱাৰ সময়ত পেট্ৰল বোমা ব্যৱহাৰ কৰা হৈছিল নেকি সেই সৰ্ন্দভত তদন্ত চলাইছে আৰক্ষীয়ে ৷ কিয়নো প্ৰথমে চাবিনা খাতুন নামৰ মহিলাগৰাকীয়ে থানাত বটলত অনা পেট্ৰল ঢালি পিছত দিয়াচলায়ে জুই লগাই দিছিল ৷ পিছত একাংশ লোকে কিছু বটল থানালৈ দলিয়াই দিছিল ৷ বটল দলিওৱাৰ পিছত থানাচৌহদত জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল ৷

ইফালে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা চফিকুল ইছলামৰ শুকুৰবাৰৰ নিশাৰ এক আলোকচিত্ৰ উদ্ধাৰ হৈছে ৷ ভেমোৰাগুৰিত মদখাই পৰি থকা অৱস্হাত বটদ্ৰবা আৰক্ষীয়ে চফিকুলক উদ্ধাৰ কৰিছিল সেই কথা নিশ্চিত কৰিছে ৷ আৰক্ষীৰ বলেৰ' গাড়ীৰ পিছফালে নিচাসক্ত চফিকুল ইছলাম চিটত মূৰ পেলাই থকা অৱস্থাত আছিল ৷ আৰক্ষীয়ে শিৱসাগৰলৈ যোৱা পথত চফিকুলক আটক কৰি মাৰধৰ কৰি হত্যা কৰা বুলি পৰিয়ালে কৰা অভিযোগৰ বিপৰীতে চফিকুলক নিচাসক্ত অৱস্থাত যে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সেই কথা উদ্ধাৰ হোৱা আলোকচিত্ৰখনে প্ৰতিফলিত কৰিছে ৷

মহন্তই লগতে কয় যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তিনিটাকৈ গোচৰ ৰুজু কৰিছে ৷ বিশেষ তদন্তকাৰী দল গঠন কৰি ৰুজু হোৱা ৫৫/২০২২ নম্বৰৰ গোচৰটো এছ আই টিক তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছে ৷ কাৰ্বিআংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালক বটদ্ৰবা আৰক্ষীৰ ঘটনাৰ সন্দৰ্ভত গাফিলতি কি আছিল তাক তদন্ত কৰিবলৈ বিশেষ ভাবে দায়িত্ব অৰ্পন কৰা হৈছে ৷ উল্লেখ্য এই যে বৰ্তমানৰ কাৰ্বিআংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱাল পূৰ্বে নগাঁৱত ডি এছ পি হিচাপে কাম কৰিছিল ৷

থানাত অগ্নিসংযোগৰ ঘটনাৰ পিছত পুনৰ দুস্কৃতিকাৰীয়ে নিশা আৰক্ষী থানা আক্ৰমনৰ পৰিকল্পনা কৰাৰ বাবে ধিঙ থানাৰ অন্তৰ্গত শালনাবড়ীত আলোচনা মিলিত হোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দলে অভিযান চলাইছিল যদিও আৰক্ষীৰ অভিযান সফল নহল ৷ সমবেত পৰিকল্পনাকাৰী শালনাবড়ীৰ নিদিষ্ট দুটা ঘৰৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷ আৰক্ষীৰ মতে মৃত চফিকুলৰ ভ্ৰাতৃৰ ঘৰতে চলিছিল এই বৈঠকখনি ৷

য'ত উপস্থিত আছিল সন্দেহজনক লোক ৷আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰত অগ্নিসংযোগ কৰি এছ এল আৰ , ষ্টেনগান , থ্ৰি নট থ্ৰি ৰাইফল , ৰিভলভাৰ, নাইন এম এম পিস্তল আদি জ্বলাই দিয়াৰ লগতে বুজন সংখ্যক গুলীও জ্বলাই দিয়া হৈছিল ৷ আৰক্ষীয়ে অস্ত্ৰভাণ্ডাৰত অগ্নিসংযোগকৰি দুস্কৃতিকাৰীয়ে অস্ত্ৰ শস্ত্ৰ লুট কৰাৰ লগতে সজীব গুলি লুটি নি নিদিষ্ট ঘৰ কেইটাৰ মাটিত পুতি থোৱাৰ সন্দেহ কৰিছে ৷ কিয়নো আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰৰ লগতে দুস্কৃতিকাৰীৰ পৰা জব্দ কৰা বিভিন্ন অস্ত্ৰ শস্ত্ৰও আছিল ৷ সেয়ে আৰক্ষীয়ে বাসগৃহকেইটি জেচিবি লগাই ভাঙি পেলোৱাৰ লগতে নগাঁও আৰক্ষীয়ে ঘৰৰ চৌহদ খান্দি অভিযান চলোৱাৰো চিন্তা কৰিছে ৷

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দেওবাৰে বিয়লি বৰদোৱাত উপস্থিত হৈ ঘটনাৰ সৰ্ন্দভত কঠোৰ হোৱাৰ কথা উল্লেখ কৰি কয় যে বেয়া কামৰ বেয়া পৰিনাম আছে ৷ বাংলাদেশৰ মৌলবাদী সংগঠন আনাৰুল ইছলামৰ গোটৰ শ্লিপাৰ চেলে নগাঁৱত কাম কৰি থকা কথা উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে নগাঁৱৰ কেবাটাও অঞ্চলক টাৰ্গেট কৰি এই মৌলবাদী সংগঠনটোয়ে কাম কৰি আছে ৷ সাধাৰন মুছলমান লোকে তেওঁলোকক সমৰ্থন আগবঢ়োৱা নাই যদিও কিছু কিছু লোকক উচটনি দিবলৈ সক্ষম হৈছে মৌলবাদী সংগঠনটোয়ে ৷ বটদ্ৰবা থান আক্ৰমনৰ বাবে প্ৰস্তুতি , পৰিকল্পনাৰে সংগবদ্ধভাবে কৰা হৈছিল বুলি কয় সঞ্চালক প্ৰধানে ৷

আৰু পঢ়ক: অসমত 'আপ'ৰ ধুমুহা, ৫০০০ লোকে কৰিলে যোগদান…

assam nagaon batadrava