Advertisment

অসম আৰক্ষীৰ ৯ বিষয়ালৈ ডিজিপি বঁটা...

অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে। অপৰাধৰ তদন্ত প্ৰক্ৰিয়াত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। 

author-image
Tushar Pratim
New Update
অসম আৰক্ষীৰ ৯ বিষয়ালৈ ডিজিপি বঁটা...

ডিজিটেল ডেস্কঃ  অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে। অপৰাধৰ তদন্ত প্ৰক্ৰিয়াত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। 

Advertisment

ডিজিপি বঁটা লাভ কৰা এই আৰক্ষী বিষয়াসকলৰ ভিতৰত আছে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, ডিব্ৰুগড় জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ চৌধুৰী, ডিমা হাছাওৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ। 

তাৰোপৰি এই বঁটা লাভ কৰিছে শ্ৰীভূমিৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ চৌধুৰী, মাজুলীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া, মৰিগাওঁ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু চি আই ডিৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাস, তিতাবৰৰ এছ ডি পি অ' অৰুণ গোৱেললৈ আগবঢ়োৱা হৈছে ডিজিপি বঁটা।  

অসম আৰক্ষী