বান্দৰদেৱাত বিধ্বস্ত পথ-দলঙে জলাকলা খুৱাইছে সাধাৰণ জনতাক...

বান্দৰদেৱাৰ সমীপৰ একাংশ গ্ৰামাঞ্চলত বিধ্বস্ত পথ-দলঙে জলাকলা খুৱাইছে সাধাৰণ জনতাক।

author-image
Asomiya Pratidin
New Update
বান্দৰদেৱাত বিধ্বস্ত পথ-দলঙে জলাকলা খুৱাইছে সাধাৰণ জনতাক...

ডিজিটেল সংবাদ, বান্দৰদেৱা : বান্দৰদেৱাৰ সমীপৰ একাংশ গ্ৰামাঞ্চলত বিদ্ধস্ত পথ-দলঙে জলাকলা খুৱাইছে সাধাৰণ জনতাক। বাৰিষা একাঠু পৰ্যন্ত বোকা-পানীৰ বিপৰীতে খৰালিৰ সময়ত প্ৰকাণ্ড প্ৰকাণ্ড গাত আৰু ধুলিৰে ধুসৰিত হৈ পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পৰা সাধাৰণ পথচাৰীলৈকে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আহিছে।

Advertisment

ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ ৰবৰ চাপৰি গাঁৱত দেখা গৈছে যাতায়ত ব্যৱস্থাৰ জৰাজীৰ্ণ ৰূপ। গাঁও খনৰ একমাত্ৰ মূল পথটো বিগত বছৰ বছৰ ধৰি বিদ্ধস্ত হৈ থকাৰ লগতে বিগত বাৰিষা পথটোত থকা এটা কালভাৰ্ট বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ ফলত যোগাযোগ বন্ধ হৈ পৰে।পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত সুচল কৰি তোলে যদিও বৰ্তমান জহি খহি গৈছে দলং খন।

ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ লোক সকল।চৰকাৰ আহে আৰু যায় কিন্তু কোনো এখন চৰকাৰৰ সু-দৃষ্টি নপৰে গাঁও খনলৈ। শীঘ্ৰে এই বিধ্বস্ত পথটো যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ চৰকাৰ প্ৰশাসনৰ প্ৰতি স্থানীয় ৰাইজে দাবী জনাইছে ।

আৰু পঢ়ক : বিলাসীপাৰাত পৈশাচিক আনন্দ দুৰ্ঘটনাকাৰীৰ, মৃত্যু এগৰাকী মহিলাৰ...

assam bandardewa