শংকৰী কলা কৃষ্টিৰ সাধক দেৱকান্ত মহন্তৰ বিয়োগ

শংকৰী কলা কৃষ্টিৰ সাধক দেৱকান্ত মহন্তৰ বিয়োগ

author-image
asomiyapratidin
New Update
শংকৰী কলা কৃষ্টিৰ সাধক দেৱকান্ত মহন্তৰ বিয়োগ

ডিজিটেল সংবাদ, নগাঁওঃ নগঁঞা সমাজ আৰু সংস্কৃতিৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ শংকৰী কলা কৃষ্টিৰ সাধক দেৱকান্ত মহন্ত আৰু নাই। সোমবাৰে পুৱা নগাঁৱৰ জি ডি নাৰ্ছিংহোমত ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই।

নগাঁও শিল্পী মঞ্চৰ প্ৰাক্তন সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে নগাঁও ভাওনা সমাৰোহ, অৰুণোদয় সাহিত্য চ'ৰাকে আদি কৰি একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল মহন্ত।

মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যাক এৰি থৈ গৈছে। মহন্তৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্যা গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।