দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত, ধেমাজিৰ চাৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত...

চিচিবৰগাঁওত ভৱানী আৰু চিৰিপানিত জোণমনিক টিকট

author-image
Asomiya Pratidin
New Update
দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত, ধেমাজিৰ চাৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত...

ডিজিটেল সংবাদ, নগাঁও : ধেমাজি জিলাৰ চাৰি সমষ্টিত বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী । চিচিবৰগাঁও আৰু চিৰিপানি সমষ্টিত মুঠ ভোটাৰ ৫,০২৫ জন। ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী দেউৰী সকলৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে গঠিত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত। ধেমাজি জিলাৰ ৫ টা পৰিষদীয় সমষ্টিৰ ৪ টাতে প্ৰাৰ্থিত্ব দিছে শাসকীয় দলটোৱে। চিচিবৰগাঁও সমষ্টিত ভৱানী দেউৰী, চিৰিপানি সমষ্টিত জোনমণি দেউৰী, জোনাইত হেমন্ত দেউৰী আৰু গোগামুখ সমষ্টিত প্ৰাৰ্থিত্ব দিছে ৰাকেশ বৰদেউৰীক। বৰদলনি সমষ্টিটো এৰি দিছে মিত্ৰদল অগপক।

Advertisment

ইয়াৰে চিচিবৰগাঁও সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভ কৰিলে সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ভৱানী দেউৰীয়ে। বিগত তিনিটা দশকে অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত জৰিত বিজেপি প্ৰাৰ্থী ভৱানী দেউৰী।

চিচিবৰগাঁও সমষ্টিত এইবাৰ ভোট কেন্দ্ৰ ৫ টা। ইয়াৰে ১ নং ধুনাগুৰি কেন্দ্ৰত ৫৫১ জন,ধূনাগুৰি পাইত এল পি স্কুলত ২৫২ টা,৩ নং বৰমুৰীয়া এল পি স্কুলত ৮২৬ টা, ৪ নং চিচিমুখ দেউৰী এল পি স্কুলত ৫৬৫ টা আৰু চিলাপথাৰ নগৰ এল পি স্কুল কেন্দ্ৰত ৬৫৩ জন। মুঠ ভোটাৰ ২৮১৭ (পুৰুষ ১২৫৩ আৰু মহিলা ১৫৬৪) জন । ইপিনে নৱগঠিত চিৰিপানি সমষ্টিত মুঠ ভোটাৰ ২২০৮ জন। পুৰুষ ১০৬২ জন আৰু মহিলা ১১৪৭ ভোটাৰ গৰাকী।

assam deuri autonomous council