
ডিজিটেল সংবাদ, জোনাই : দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১২ নং জোনাই পৰিষদীয় সমষ্টিত প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হৈছে । উল্লেখযোগ্য দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১২ নং জোনাই পৰিষদীয় সমষ্টিত অহা ৮ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব । দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১২ নং জোনাই পৰিষদীয় সমষ্টিত কংগ্ৰেছৰ পৰা সৰুমাই দেউৰী, বিজেপি দলৰ পৰা হেমন্ত দেউৰী, জে পি পিৰ দলৰ পৰা ৰাজেশ দেউৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
কংগ্ৰেছ প্ৰাৰ্থী সৰুমাই দেউৰীৰ সোমবাৰে দুই নং ৰাংকপ দেউৰী গাঁৱত অনুষ্ঠানিকভাৱে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ শুভাৰম্ভ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সৰুমাই দেউৰীৰ নিৰ্বাচনী কাৰ্যালয়খন উদ্ধোধন কৰে দুই নং দেউৰী গাঁৱৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা গোবিন দেউৰী আৰু উদ্ধোধনী ভাষণ আগবঢ়াই ধেমাজি জিলা কংগ্ৰেছৰ উপ-সভাপতি বিজয় পেগুৱে।
কংগ্ৰেছৰ কাৰ্যালয় মুকলি আৰু প্ৰচাৰ অভিযান শুভাৰম্ভ অনুষ্ঠানত মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ সভাপতি সঞ্জয় পেগু, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সদস্যা প্ৰভাবতী পেগু, তেলাম পঞ্চায়তৰ কাউন্সিলৰ কনকলতা পাতিৰ, টুটুমণি দত্ত, ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতি বিজু পেগু, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক ৰাজীৱ পেগু, মুর্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিতেশ পেগু, মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ সম্পাদক মহাবীৰ পায়েং, শংকৰ দে, অনু দলে, ৰেহেনা লাগাছু আদি বহু নেতা-কৰ্মী আৰু কংগ্ৰেছৰ সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰে
উল্লেখযোগ্য যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১২ নং জোনাই পৰিষদীয় সমষ্টিত পাঁচটা ভোট কেন্দ্ৰত মুঠ ৯৬৮ গৰাকী ভোটাৰ আছে। ইয়াৰে পুৰুষ ৪৫১ আৰু মহিলা ভোটাৰ ৫১৭ গৰাকী।