/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তথা ধূপধৰাৰ আঠিয়াবাৰীত বুধবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰে ৷ ধূপধৰা থানাৰ অন্তৰ্গত আঠিয়াবাৰীৰ দেওশীলা নদীৰ পানীত ওপঙি থকা অৱস্থাত এগৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃতদেহটো বিষ্ণুপ্ৰসাদ হাজোৱাৰী (১৮) নামৰ স্থানীয় এগৰাকী কিশোৰৰ বুলি জানিব পৰা গৈছে ৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে বিষ্ণুপ্ৰসাদ হাজোৱাৰীয়ে বুধবাৰে পুৱা আঠিয়াবাৰী গাঁৱৰ দেওশীলা নদীত বৰশী বাবলৈ গৈছিল ৷ কিন্তু বহুসময় ধৰি কিশোৰগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সন্ধান চলায় আৰু অৱশেষত স্থানীয়লোকে দেওশিলা নৈৰ পানীত বিষ্ণুপ্ৰসাদ হাজোৱাৰীৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷
তাৰপিচত ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷ কিশোৰগৰাকীৰ কিদৰে মৃত্যু হ'ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
আৰু পঢ়কঃ নগাঁৱত সখী এক্সপ্ৰেছ আচঁনিৰ অধীনত স্কুটি বিতৰণ মন্ত্ৰী অশোক সিংঘালৰ…