/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/khumtai.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেওবাৰে "খুমটাইলৈ যাওঁ ব'লক" কাৰ্যসূচীত গোলাঘাট জিলাৰ খুমটাইত ৰাজ্যখনৰ চহা জীৱনৰ লগত একাত্ম হ'ল ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক সকল। এই পৰ্যটক সকলে গাঁৱৰ নিভাঁজ ছবি উপভোগ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে অসমৰ গাঁৱৰ নিভাজ ছবিৰে অসম খনৰ চহা তথা গ্ৰাম্য জীৱনক দেশ বিদেশৰ পৰ্যটকক চিনাকী কৰাই দিয়াৰ প্ৰয়াসেৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত গ্ৰহণ কৰা "খুমটাই লৈ যাও বলক" নামৰ এক অভিলাষী কাৰ্যসূচীৰ জৰিয়তে গাঁৱৰ সঁচা ছবি উপস্থাপন কৰা হৈছে খুমটাইৰ ইক' টি টুৰিজিম চেণ্টাৰত।
এই খুমটাই লৈ যাও বলক শীৰ্ষক ব্যতিক্ৰম অনুষ্ঠানেৰে জীপাল হ'ল খুমটাই। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি চাইকেল চলোৱা প্ৰতিযোগিতা, গাড়ী চলোৱা প্ৰতিযোগিতা, বৰশী বোৱা প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ল গাঁৱৰ সেউজীয়া পৰিৱেশৰ মাজত। চৈ দিয়া গৰুগাড়ীত বিধায়কৰ সৈতে গোলাঘাটৰ উপায়ুক্ত উঠি উভতি গ'ল ল'ৰালি কাললৈ। উল্লেখ্য যে খুমটাইক গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ নীৰলস প্ৰয়াসত ব্ৰতী হৈছে বিধায়ক মৃণাল শইকীয়া। তাৰে অংশ হিচাপে দেওবাৰে খুমটাই লৈ যাও বলক (Destination Khumtai) শীৰ্ষক কাৰ্যসূচী অনুস্থিত কৰি বিশেষভাৱে সমাদৰ লাভ কৰে।
আৰু পঢ়ক : জাতীয় পতাকা কোনো ৰাজনৈতিক দলৰ 'পতাকা' নহয়…