দেশভক্ত তৰুণ ৰাম ফুকন মাধ্যমিক বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ আৰু দ্বিভাষিক কৰাৰ নিৰ্দেশৰ বিৰোধিতা..

দেশভক্ত তৰুণ ৰাম ফুকন মাধ্যমিক বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ আৰু দ্বিভাষিক কৰাৰ নিৰ্দেশৰ বিৰোধিতা..

author-image
asomiyapratidin
New Update
আকৌ বন্ধ হ’ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! ইখনৰ পিছত সিখন বিদ্যালয়ত ধৰা পৰিছে কোভিড সংক্ৰমণ…

ডিজিটেল সংবাদ শিলচৰঃ ইয়োথ এগেইনষ্ট চচিয়েল ইভিলছ (YASE)য়ে দেশভক্ত তৰুণ ৰাম ফুকন মাধ্যমিক বিদ্যালয়ক সাধাৰণ বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা আৰু দ্বিভাষিক কৰাৰ অসম চৰকাৰৰ নিৰ্দেশক সমালোনা কৰিছে। সংগঠনটোৰ কেন্দ্ৰীয় সমতিৰি অধ্যক্ষ সঞ্জীৱ ৰয়ে চৰকাৰৰ এই সিদ্ধান্তক একেবাৰে ন্যায়সঙ্গত নহয় বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰিছে।

Advertisment

বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সাৰ্বজনীন ভাতৃত্ববোধৰ স্বাৰ্থত ইয়াসিয়ে চৰকাৰৰ এনে আদেশ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। এইখন কেৱল এক প্ৰতিষ্ঠান নহয় ই আমাৰ বন্ধনৰ স্বাক্ষৰ যিকোনো শৈক্ষিক ব্যৱস্থাতকৈ বহু বেছি।

বৰাক উপত্যকাত ১৯৬২ চনৰ পৰা সকলোৰে সহায়ত বিদ্যালয়খন গৌৰৱেৰে চলি আছে। যদিও কিছুমান অসামাজিক শক্তিয়ে বৰাক উপত্যকাৰ মানুহে ইয়াত থকা একমাত্ৰ অসমীয়া প্ৰতিষ্ঠানখন বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি আছে বুলি প্ৰচাৰ কৰিছে কিন্তু ই সম্পূৰ্ণ মিছা আৰু মনেগঢ়া। গতিকে ভাতৃত্ববোধ বজাই ৰাখিবলৈ, অসম চৰকাৰে সাধাৰণ বিদ্যালয় শিলচৰৰ সৈতে ইয়াৰ এমালগেমেছনৰ আদেশ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিব লাগে। বৰাক উপত্যকাই বৈচিত্ৰ্যত বিশ্বাস কৰে।