টকাৰ অভাৱত কৰিব নোৱাৰিলে ৰোগৰ চিকিৎসা, গ্ৰহণ কৰিলে চৰম পন্থা

টকাৰ অভাৱত কৰিব নোৱাৰিলে ৰোগৰ চিকিৎসা, গ্ৰহণ কৰিলে চৰম পন্থা

ডিজিটেল সংবাদ ,দেৰগাঁও ; চৰম আৰ্থিক সংকটত পৰি শুকুৰবাৰে পুৱাই এজন ব্যক্তিয়ে পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে । দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিজান নতুন লাইনত সংঘটিত হৈছে এই ঘটনা।

অঞ্চলটোৰ নিবাসী কলেশ্বৰ নাগবংসী (৫১) নামৰ ব্যক্তিজন বিগত এবছৰৰ পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰন্ত হৈছিল । কমাৰশালত কৰ্ম কৰি কোনো মতে পৰিয়াল ভৰন-পোষন দি অহা ব্যক্তিজন ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে পৰিয়ালটোলৈ নামি আহে ঘোৰ অনামিশা ।

ইপিনে পৰিয়ালৰ লোকে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি ব্যক্তিজনক গুৱাহাটীৰ বি বৰুৱা কৰ্কট ৰোগ চিকিৎসালয়ত চিকিৎসা কৰিছিল। উন্নত চিকিৎসা প্ৰয়োজনীয়তা আহি পৰে যদিও পৰিয়ালৰ লোকে আৰ্থিক দুৰৱস্থাৰ বাবে ব্যক্তি জনক ঘৰলৈ ঘূৰাই আনে । সেয়ে দৈনিক তিল তিলকৈ মৃত্যুৰ দুৱাৰদলিলৈ গতি কৰা ব্যক্তি গৰাকীয়ে অৱশেষত জীৱনৰ চৰম পন্থা বাছি লৈ যোৱা নিশা কাষতে থকা এটা পুখুৰীত জপিয়াই আত্মহত্যা কৰে ।

আজি পুৱাই প্ৰাত:ভ্ৰমনলৈ যোৱা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়াত ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে । মৃত্যুৰ সময়ত পত্নীসহ দুজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান এৰি থৈয় যোৱা ব্যক্তিজনৰ অবাঞ্চিত মৃত্যুত অঞ্চলতটোত গভীৰ শোকৰ ছাঁ পৰিছে ।

টকাৰ অভাৱত কৰিব নোৱাৰিলে ৰোগৰ চিকিৎসা, গ্ৰহণ কৰিলে চৰম পন্থা
চিৰাঙত যুৱকৰ মৃতদেহ উদ্ধাৰ, চোকা অস্ত্ৰৰে হানি-খুচি হত্যাৰ সন্দেহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in