
ডিজিটেল সংবাদ, চিৰাং: শুকুৰবাৰে চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত নাঙলভাঙা নৈৰ পাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । পুৱাৰ ভাগত স্থানীয় লোকে নৈৰ মৃতদেহ প্ৰত্যক্ষ কৰা মৃতদেহটো নাঙলভাঙা অঞ্চলৰ বাসিন্দা প্ৰয়াত ফজৰ আলীৰ পুতেক কুৰবান আলী (২৬) বুলি চিনাক্ত কৰা হৈছে ।
মৃতদেহৰ বিভিন্ন অংশত চোকা অস্ৰৰ আঘাতৰ চিন স্পষ্ট হোৱা দেখি স্থানীয় লোকৰ সন্দেহ কুৰবান আলী হত্যাকাণ্ডৰ চিকাৰ হৈছে । পেচাত কাঠমিস্ত্ৰী তথা দুই সন্তানৰ পিতৃ কুৰবান আলীক কোনে কি পৰিস্থিতিত চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰি এই দৰে নাঙলভাঙা নৈৰ পাৰত মৃতদেহ পেলাই থৈ গ'ল তাকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
খবৰ লাভ কৰি ঘটনাস্থলীত নাঙলভাঙা পুলিচ পহৰা চকীৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । স্থানীয় দল সংগঠনৰ উপৰি ৰাইজৰ দাবী আৰক্ষীয়ে উচিত তদন্ত কৰি কুৰবান আলীৰ নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত হত্যাকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰক ।