/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3c593d63-b217-473a-bd5e-154af5c7751d/WhatsApp_Image_2022_09_06_at_07_10_52.jpeg)
ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত জিলাখনৰ বিভিন্ন সমস্যাৰাজীৰ বিষয়ে আলোচনা কৰে । যোৱা ২৫ আগষ্টত জিলাখনৰ উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে গোলাঘাট জিলাৰ বিভিন্ন সমস্যাৰ আশু সমাধানসূত্ৰ উলিওৱাৰ বাবে সাংবাদিকসকলৰ পৰা দিহা-পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰে ।
তেওঁ কয় যে- শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ বিভাগ আদি বিভিন্ন বিভাগৰ সৈতে তেওঁ ইতিমধ্যে পৰ্যালোচনা বৈঠকত মিলিত হৈছে আৰু অগ্ৰাধিকাৰ ভিত্তিত সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়াস চলোৱা হ'ব । সভাত সাংবাদিকসকলে গোলাঘাট নগৰ আৰু জিলাখনৰ বিভিন্ন সমস্যাৰ বিষয়ে উনুকিয়াই দিয়ে ।
তাৰ ভিতৰত গোলাঘাট নগৰৰ পাৰ্কিঙৰ সমস্যা, যানবাহন নিয়ন্ত্ৰণ ব্যৱস্থা আৰু চি আই ডি এফৰ অধীনত গোলাঘাট নগৰত ৰূপায়ন কৰি থকা আঁচনিসমূহৰ কামসমূহ নিৰ্দেশনা অনুসৰি হৈছেনে নাই আৰু কামৰ মানৰ উপযুক্ত নিৰীক্ষণ, কৃত্ৰিম বানৰ সমস্যা আদি অন্যতম । গোলাঘাট সদৰৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে অংশ লোৱা অনুষ্ঠানত তেওঁলোকে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক ৰাইজ আৰু প্ৰশাসনৰ মাজৰ সেঁতু বুলি উল্লেখ কৰি স্বচ্ছ আৰু নিকাভাবে প্ৰতিখন আঁচনিৰ ৰূপায়ন সুনিশ্চিত কৰা হ'ব বুলি উল্লেখ কৰে । তেওঁ ৰাইজৰ সমস্যাসমূহক লৈ সহানুভূতিশীল আৰু দায়বদ্ধতাৰে কাম কৰা হ'ব বুলি মত প্ৰকাশ কৰে ।
সাংবাদিকসকলে গোলাঘাট নগৰ আৰু দেৰগাঁও অঞ্চলৰ বাট-পথ, চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীৰ অভাৱ, অবৈধ বালিৰ খনন, ড্ৰাগছৰ পয়োভৰ ৰোধ কৰা, বান্দৰৰ উপদ্ৰৱৰ সমস্যা, গোলাঘাট নগৰৰ বজাৰসমূহ যাতে নিশা অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰ্যবসিত নহয় তাৰ বাবে উপযুক্ত নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাই। ইয়াৰ উপৰিও স্থায়ী খাদ্য সুৰক্ষা বিষয়া আৰু ঔষধ পৰিদৰ্শক নিযুক্তি, গোলাঘাট নগৰত উপযুক্ত আৱৰ্জনা নিষ্কাষণ ব্যৱস্থা, চাহ বাগিচাসমূহত শিক্ষা, চিকিৎসা সেৱা আদিৰ মান উন্নত কৰা, চাহ বাগিচা এলেকাৰ চিকিৎসালয়সমূহত চিকিৎসক, স্বাস্থ্যকৰ্মী নিয়োগ কৰা, গোলাঘাট নগৰত ষ্টাম্প পেপাৰৰ অভাৱ আদি সমস্যাৰ জোৰা মৰা ইত্যাদি ভালেমান বিষয় উত্থাপন কৰে ।
উপায়ুক্তগৰাকীয়ে গোলাঘাট নগৰ আৰু সমগ্ৰ জিলাখনৰ সমস্যাসমূহৰ পৰ্যায়ক্ৰমে সমাধান কৰাৰ বাবে প্ৰয়াস চলোৱা হ'ব বুলি আশ্বাস দিয়ে । বিশেষকৈ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰা আদি ভালেমান বিষয় অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰা হ'ব বুলি তেওঁ কয় । ভৱিষ্যত সময়তো তেওঁ জিলাখনৰ যিকোনো সমস্যাৰ বিষয়ে সাংবাদিকসকলৰ পৰা দিহা-পৰামৰ্শ কামনা কৰে ।