বিধ্বস্ত মঙলদৈ মাজিকুছি পথ, দেওমৰনৈ আছুৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ…

বিধ্বস্ত মঙলদৈ মাজিকুছি পথ, দেওমৰনৈ আছুৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,‌মঙলদৈ: দেওমৰনৈ আঞ্চলিক ছাত্র সন্থা‌ই বিধ্বস্ত মঙলদৈ মাজিকুছি পথৰ হলৌচোকাৰ পৰা দেওমৰনৈ হৈ নামখলালৈ পথচোৱা মেৰামতি আৰু বহলকৰণৰ দাবীত দৰং জিলাৰ উপাযুক্ত কাৰ্যালয়ত উপস্থিত হৈ উপাযুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে , শেহতীয়া বান পৰিস্থিতি আৰু সৰু পথটোত অত্যাধিক যান-বাহন চলাচল হোৱাত পথটো বিধ্বস্ত হৈ পৰিছে। ফলত ছিপাঝাৰ, মংগলদৈ আৰু কলাইগাঁও সমষ্টিৰ লোকসকলৰ দৰং জিলাৰ সদৰ মংগলদৈ লৈ অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈছে।

লগতে সেই অসুবিধা সমাধান কৰাৰ বাবে দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সীমান্ত চহৰীয়া, উপ সভাপতি ৰিদিপ ডেকা, জিন্টুমণি বণিয়া, সহকাৰী সম্পাদক মৃগাংক চলিহা, সাংগঠনিক সম্পাদক কৌশিক ডেকা আৰু সদৌ দৰং জিলা ছাত্র সন্থাৰ সাহিত্য সম্পাদক অপূৰ্ব শৰ্মা‌ই জিলা উন্নয়ন বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰি বিধ্বস্ত মংগলদৈ মাজিকুছি পথটোত অতি সোনকালে মেৰামতি আৰু বহলকৰণৰ দাবী জনায়।

আৰু পঢ়ক : ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ মেচ… 

assam himanta biswa sarma Assam police