অবৈধ প্ৰেমৰ কৰুণ পৰিণতি; ডিমৌত কন্যা, পত্নী সহ জাঁপ দিলে কল্যানে

অবৈধ প্ৰেমৰ কৰুণ পৰিণতি; ডিমৌত কন্যা, পত্নী সহ জাঁপ দিলে কল্যানে

author-image
asomiyapratidin
New Update
অবৈধ প্ৰেমৰ কৰুণ পৰিণতি; ডিমৌত কন্যা, পত্নী সহ জাঁপ দিলে কল্যানে

ডিজিটেল ডেস্ক: ডিমৌত সংঘটিত হৈছে শোকাবহ ঘটনা। পৰকীয়া প্ৰেমৰ পৰিণতিত কল্যান গগৈ নামৰ এজন লোকে পানীত জপিয়াই দিয়ে পৰিয়ালৰ সৈতে।পানীত জাঁপ দিয়াৰ পূৰ্বে কল্যান গগৈয়ে ফেচবুকত এটা পোষ্ট দি এই সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰে।

Advertisment

জিতু তপন শইকীয়া নামৰ এজন লোকৰ পত্নীৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰি পোষ্টটোত লিখে যে এই সম্পৰ্কৰ সুযোগ লৈ স্বামী-স্ত্ৰীয়ে মিলি ১০ লাখ টকাৰ দাবী কৰিছিল। তাৰ পৰিণতিতেই কন্যা পত্নী সহ পানীত জপিয়াই আত্মহত্যা কৰাৰ কথা উল্লেখ কৰে।

এতিয়ালৈকে এই পানীত জাঁপ দিয়া পৰিয়ালটোৰ কাকোৱেই উদ্ধাৰ কৰা হোৱা নাই। স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আছে আৰক্ষীয়ে।

আৰু পঢ়ক: বিসম্বাদী বিধায়কক সাক্ষাতৰ বাবে ৰেডিশ্বন ব্লুত উপস্থিত মন্ত্ৰী অশোক সিংঘাল…

assam demow suicide