প্ৰদৰ্শনীমূলক বড়ো ধাননি পথাৰত মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ ব্যৱহাৰ প্ৰদৰ্শন

প্ৰদৰ্শনীমূলক বড়ো ধাননি পথাৰত মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ ব্যৱহাৰ প্ৰদৰ্শন

author-image
Asomiya Pratidin
New Update
প্ৰদৰ্শনীমূলক বড়ো ধাননি পথাৰত মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ ব্যৱহাৰ প্ৰদৰ্শন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কাহুৱাতলি পথাৰত গ্ৰীষ্মকালীন ধান চপোৱা কাৰ্যসূচী। নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত শুক্ৰবাৰে মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ ব্যৱহাৰ কৰি এপাৰ্ট আঁচনিৰ অধীনত চকলাঘাট এ ডি অ’ চক্ৰৰ কাহুৱাতলি পথাৰত গ্ৰীষ্মকালীন ধান চপোৱা কাৰ্যসূচী অনুষ্ঠিত হয়।

Advertisment

এই উপলক্ষে প্ৰদৰ্শনী ক্ষেত্ৰখনত কৃষি সজাগতা সভাও অনুষ্ঠিত কৰা হয়। সভাত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (আই আৰ আৰ আই)ৰ ড০ ৰোহিত নামদেও, চিলংগনী স্থিত মাণ্ডলিক গৱেষণা প্ৰতিষ্ঠানৰ মূখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা, নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ ডেকা , জিলা ন’ডেল বিষয়া (এ পি আৰ টি) ভদ্ৰ কুমাৰ বৰা, কৃষি উন্নয়ন বিষয়া গোলাপ শইকীয়া, বি টি এম, এ ই এ আৰু এপাৰ্ট প্ৰকল্পৰ বিষয়াই অংশগ্ৰহণ কৰে।

অনুষ্ঠানটিত বটদ্ৰৱা, মৈৰাবাৰী, দলংঘাট, ৰহা আদি অঞ্চলৰ শতাধিক কৃষক,পঞ্চায়তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সভাত আধুনিক কৃষিৰ যান্ত্ৰিকীকৰণক সুবিধা, চৰকাৰী সা-সুবিধা, শস্য বীমা, কম খৰচত অধিক কৃষি উৎপাদন আদিৰ বিষয়ে আলোচনা কৰা হয়। কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল প্ৰদৰ্শনীমূলক বড়ো ধাননি পথাৰত মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ ব্যৱহাৰ প্ৰদৰ্শন কৰা।

এই মেচিনৰ সহায়ত ধান একেলগে কাটি, থুৰি মৰা আৰু কম সময়ৰ ভিতৰতে বস্তাত ভৰাই দিব পাৰি। এই মেচিনৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰি কৃষকসকলে আনন্দিত হৈ ৰেহাই মূল্যত ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

Also Read: বুঢ়ীদিহিং নৈত ডুবি দুই শিশুৰ কৰুণ মৃত্যু

paddy fields batadraba