/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/cfd8db11-80a6-40ac-a07f-0dc57f1ab330/shankardev_college.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ডম্বৰুধৰ শইকীয়া আজি পুৱা নিজ বাসগৃহত বিয়োগ হয়। ৫৯ বছৰীয়া শইকীয়া এবছৰ ধৰি জণ্ডিচ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অত্যন্ত সৰলমনৰ, শান্ত প্ৰকৃতিৰ ডম্বৰুধৰ শইকীয়া বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা কৰ্মৰত কৰ্মপটু, নিষ্ঠাবান গুণৰ বাবে সকলৰে প্ৰিয়পাত্ৰ হৈ পৰিছল।
আজি পুৱা মৃত্যুৰ খবৰ পোৱাৰ পিছত তেখেতৰ ভেটিয়নীৰ বাসগৃহত উপস্থিত হৈ বহু জনে শেষ শ্ৰদ্ধা নিবেদন কৰে।ডম্বৰুধৰ শইকীয়াৰ বিয়োগত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমানকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীবৃন্দ, ছাত্ৰ ছাত্ৰী সকল, প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনী আদি বিভিন্ন জনে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ডম্বৰুধৰ শইকীয়াই পত্নী, এগৰাকী কনমানি জীয়ৰীকে আদি কৰি বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।