/asomiyapratidin/media/media_files/2025/04/01/er5xkX6GBcjg5JIXKvGg.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক তিনিমাহলৈ মৎস্য চিকাৰ নকৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আহ্বানক আদৰণি জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ লগতে আগন্তুক তিনিমাহত অনুসূচিত জাতিৰ থলুৱা মৎস্যোপজীৱীসকলক প্ৰতিমাহে কমেও ১৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷
মৎস্য চিকাৰ নিষিদ্ধ কৰা তিনিটা মাহত যাতে মাছমৰীয়াসকলে পৰিয়াল চলোৱাত বিপদত নপৰে তাৰ বাবে এই তিনিমাহত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ আহ্বান জনাইছে চৰকাৰক৷ তিনিমাহৰ বাবে প্ৰতিমাহত কমেও ১৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ আহ্বান জনাইছে সংগঠনটোৱে৷
আজি সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সামাজিক ন্যায়-সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকাক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি তিনিমাহৰ বাবে প্ৰতিটো মাহত ১৫ হাজাৰ টকাকৈ প্ৰতিজন অনুসূচিত জাতিৰ মাছমৰীয়াক এককালীন সাহায্য দিয়াৰ আহ্বান জনাইছে৷
মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু সামাজিক ন্যায়-সৱলীকৰণ বিভাগৰ মন্ত্ৰী হাজৰীকাক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি সংগঠনটোৱে কয় যে মুখ্যমন্ত্ৰীয়ে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ তিনিমাহকাল মৎস্য চিকাৰ নকৰিবলৈ মৎস্যোপজীৱীসকলক কৰা আহ্বানক আমি আদৰণি জনাইছো৷ ঘন জালেৰে মাছ নধৰিবলৈ কোৱা হৈছে। এয়া এক অতি গুৰুত্বপূৰ্ণ আহ্বান৷
এই আহ্বান অসমৰ সকলো ৰাইজক পালন কৰিবলৈ সংগঠনটোৱে অনুৰোধ জনাইছে৷ মুখ্যমন্ত্ৰীক উদ্দেশ্যে সংগঠনটোৱে কয় যে আজিও বহু অনুসূচিত জাতিৰ লোকে মৎস্য চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে৷ প্ৰতিখন চৰকাৰে ব’হাগৰ সময়ছোৱাত বৰষুণ আৰম্ভ হোৱাৰ পিছতে মৎস্য চিকাৰ নকৰিবলৈ মৎস্যোপজীৱীৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা দিয়ে৷
ফলত চৰকাৰৰ মীন বিভাগৰ লোক, প্ৰশাসন আৰু আৰক্ষীৰ সৈতে একাংশ মৎস্যোপজীৱীৰ মাজত সংঘাত হয়৷ তাৰ কাৰণ হৈছে আজিও বহু অনুসূচিত জাতিৰ লোকৰ উপাৰ্জনৰ অন্য সম্বল নাই৷ সেয়েহে মৎস্যোপজীৱীসকলেভাবে যে মৎস্য চিকাৰ নকৰিলে পৰিয়াল পোহপাল দিব নোৱাৰিম৷
সেয়েহে তিনিটা মাহ মৎস্যোপজীৱীসকলে যাতে হাতত জাল ল’বলগীয়া নহয় তাৰ বাবে চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ চৰকাৰে ৰাজ্য চৰকাৰে মীন বিভাগৰ জৰিয়তে এই তিনিটা মাহত ৰাজ্যৰ থলুৱা মাছমৰীয়াসকলক মাহেকত কমেও ১৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰক৷ এককালীন অৰ্থ সাহায্য দিলে মাছমৰীয়াসকলে কেতিয়াও সংঘাতত লিপ্ত হ’ব নালাগিব আৰু পৰিয়াল পোহপাল দিবলৈ মৎস্য চিকাৰ কৰিবলৈ যোৱাৰ প্ৰয়োজন নাথাকিব৷
দৰিদ্ৰ থলুৱা মৎস্যোপজীৱীসকলক কমেও ১৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ অনুৰোধ জনাই সংগঠনটোৰ সভাপতি দাসে এই আহ্বানৰ প্ৰতি চৰকাৰক বিবেচনা কৰিবলৈ কয়৷