দিল্লীত মন্ত্ৰী পীযুষ হাজৰিকাই লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়...

অসম চৰকাৰৰ উদ্যোগত অহা নৱেম্বৰ মাহৰ ২৩ আৰু ২৪ তাৰিখে দুদিনীয়াকৈ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।

author-image
Asomiya Pratidin
New Update
দিল্লীত মন্ত্ৰী পীযুষ হাজৰিকাই লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়...

ডিজিটেল সংবাদ, নতুন দিল্লী : অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব ।

Advertisment

মোগলক শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰা আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ বীৰত্বক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ডাঙি ধৰাৰ প্ৰয়াস হিচাপে অসম চৰকাৰৰ উদ্যোগত অহা নৱেম্বৰ মাহৰ ২৩ আৰু ২৪ তাৰিখে দুদিনীয়াকৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।

  Durlov Bhowmik
Durlov Bhowmik

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰে তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই নতুন দিল্লীত উপস্থিত হৈ বহুকেইটা দল-সংগঠন তথা দিল্লীস্থিত অসমৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিৰে আহোম সেনা প্ৰধান জনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান আয়োজনৰ বিষয়ে আলোচনাত মিলিত হয় ।

নতুন দিল্লীৰ অসম ভৱনৰ সভাকক্ষত অনুষ্ঠিত সভাখনত মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন সংগঠন আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ পৰা বীৰ লাচিত বৰফুকনৰ বীৰত্বক কেনেদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিব পাৰি সেই বিষয়ে পৰামৰ্শ বিচাৰে ।

মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমক আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰি বীৰ জনাক যথোচিত সন্মান যাচিবলৈ প্ৰয়াস কৰিছে ।

  Durlov Bhowmik
Durlov Bhowmik

আনহাতে আজিৰ আলোচনা কালত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতত সোনকালেই দুদিনীয়াকৈ নতুন দিল্লীত আয়োজন কৰিব লগা অনুষ্ঠানটো সু পৰিকল্পিত ভাৱে আয়োজন কৰাৰ বাবে এখন সমিতি গঠন কৰা হ'ব ।

ইয়াৰ সমানে সমানে দিল্লীত থকা অসমৰ ব্যক্তিসকলৰ মাজতো অনুষ্ঠানটো আয়োজনৰ বিষয়ে সজাগতা আনিবলৈ দল সংগঠনৰ প্ৰতিনিধিৰে এখন সমিতি গঠন কৰাৰ পোষকতা কৰে মন্ত্ৰী হাজৰিকাই ।

আনহাতে ২৩ আৰু ২৪ নৱেম্বৰৰ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী উপস্থিত থাকিব বুলিও মন্ত্ৰী হাজৰিকাই প্ৰকাশ কৰে ।

  Durlov Bhowmik
Durlov Bhowmik

আজিৰ এই আলোচনাকালত বিধায়ক জিতু গোস্বামী, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, সঞ্চালক বিষ্ণু কমল বৰা, নতুন দিল্লীৰ উপ আৱাসিক আয়ুক্ত ৰণদীপ দাম আৰু আন বিষয়াসকল উপস্থিত আছিল ।

পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে বিধায়ক জিতু গোস্বামী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে বিজ্ঞান ভৱনত উপস্থিত হৈ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী আয়োজিত হ'বলগা স্থান পৰিদৰ্শন কৰে আৰু এই অনুষ্ঠানটোৰ আয়োজনৰ সৈতে জড়িত হ'ব লগা প্ৰতিষ্ঠানটোক অনুষ্ঠানটোৰ বিষয়ে এটা সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

assam pijush hazarika delhi