ষোড়শ সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটীৰ মিনাক্ষীৰ ব্ৰঞ্জৰ পদক…

ষোড়শ সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটীৰ মিনাক্ষীৰ ব্ৰঞ্জৰ পদক…

author-image
asomiyapratidin
New Update
ষোড়শ সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটীৰ মিনাক্ষীৰ ব্ৰঞ্জৰ পদক…

ডিজিটেল ডেস্ক : অসমৰ বাবে আন এক সু-খবৰ। নতুন দিল্লীৰ জনকপুৰীৰ এম.চি.ডি কমিউনিটি চেণ্টাৰত অনুষ্ঠিত হয় ষোড়শ সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপ। এই চেম্পিয়নশ্বিপত গুৱাহাটীৰ মিনাক্ষী সিঙে ব্ৰঞ্জৰ পদক অৰ্জনেৰে ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।

Advertisment

ভাৰতৰ চেকো কাই কাৰাটে ইণ্টাৰনেশ্যনেলৰ দ্বাৰা আয়োজিত হোৱা এই চেম্পিয়নশ্বিপত সমগ্ৰ ভাৰতৰ পৰা ২৫০০ৰো অধিক কাৰাটেকাই অংশগ্ৰহণ কৰিছিল। কাৰাটে ইণ্ডিয়া সংগঠনৰ দ্বাৰা অনুমোদিত আৰু বিশ্ব কাৰাটে ফেডাৰেচনৰ দ্বাৰা স্বীকৃত এই ষোড়শ সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত ডঃ মনোজিৎ সিঙে প্ৰশিক্ষক হিচাপে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল।

আৰু পঢ়ক : জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে…

assam guwahati delhi