/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/374f969e-f4e7-49b8-8050-715cf633fc89/aaaaa.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ অসম কৃষিৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে চৰকাৰে গঠন কৰি দিয়া অসম কৃষি আয়োগৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল ৮ জুনত দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাত উপস্থিত হয় । অধ্যক্ষ ড০ এইচ এছ গুপ্তা, ড০ হলধৰ দেৱ শৰ্মা, ড০ বি চি বৰা, প্ৰাঞ্জল প্ৰকাশ শৰ্মা, ড° অতুল চন্দ্ৰ শৰ্মা, ড০ নলিনি মোহনসহ ৫ জনীয়া দলটো কোকৰাঝাৰ জিলাত উপস্থিত হৈয়ে প্ৰথমে গোসাইগাঁওস্থিত ক্ষেত্ৰীয় কৃষি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a28be790-c4fa-4db4-8ee4-50811754b6e5/79137bf9_4391_489a_a926_914e30ea2406.jpg)
উক্ত সভাত অংশগ্ৰহণ কৰি জিলাখনৰ কৃষিৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱাৰ লগতে কৃষি বিষয়ক বিভিন্ন সমস্যা সন্দৰ্ভত কৃষক তথা জিলা কৃষি বিভাগ(আনুষাঙ্গিক খণ্ড),কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ক্ষেত্ৰীয় গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলৰ সৈতে আলোচনাত মিলিত হয়। জিলাখনত পুষ্প অভিযান আঁচনি সফল ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পুষ্প অভিযান আঁচনিৰ বাবে নিৰ্বাচিত কুসুমবিল অঞ্চলৰ কৃষকসকলক প্ৰয়োজনীয় সকলো দিহা পৰামৰ্শ আগবঢ়ায় অসম কৃষি আয়োগৰ প্ৰতিনিধি ড০ নলিনি মোহনে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e3f9cffa-f9ec-4cde-8da5-171288983977/f48a051a_610e_4722_8031_234f2e902efb.jpg)
উল্লেখযোগ্য যে, কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কুসুম বিল গাঁৱৰ প্ৰায় ৮০ শতাংশ লোক ফুলৰ খেতিৰে স্বাৱলম্বী। তেওঁলোকে প্ৰায় ৩ দশক ধৰি কৰি আহিছে ফুলৰ খেতি। গতিকে তেওঁলোকে যাতে এই খেতিৰে অভিলেষ গঢ়িব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে দলটোৱে।
কৃষকৰ আয় দুগুণ কৰাৰ ক্ষেত্ৰত অন্যতম হিচাপে বিবেচিত হয় একত্ৰিত কৃষি(integrated farming)। কৃষকসকলে কেৱল এক প্ৰকাৰৰ খেতিতে সীমাবদ্ধ নাথাকি ইয়াৰ আনুষাঙ্গিক খণ্ড সমূহ যেনে মীণ,পশু পালন আদিত মনোনিৱেশ কৰিলে অধিক লাভবান হোৱাৰ কথা উল্লেখ কৰে আয়োগৰ বিষয়াসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f366667e-7427-40d7-aa89-86906e402af6/24c07706_e375_4a4f_95de_e55d9d2bbcc6.jpg)
আনহাতে পশু পালন, মীন পালনৰ বিষয়টোৰ সৈতে সাঙোৰ খাই পৰে ইয়াৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ। গতিকে পশু পালন আৰু মীন পালনৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ বাবে আত্মনিৰ্ভশীল হোৱাটো প্ৰয়োজনীয়। যিয়ে উৎপাদন ব্যয় কম কৰি কৃষকক অধিক লাভান্বিত কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/adc69465-7530-458b-8d14-1933a9eaa961/87342274_e36b_4e10_906f_d1eb99051f06.jpg)
কোকৰাঝাৰ জিলাৰ এখন জিলা এটা সামগ্ৰী(One District One Product) কাঠফুলা খেতিৰ সম্পৰ্কেও কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় প্ৰতিনিধি দলটোৱে। কৃষি আৰু ইয়াৰ আনুষাঙ্গিক বিভাগৰ সৈতে হোৱা আলোচনাৰ অন্তত দলটোৱে জিলাখনৰ সাপকাটা কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত মুজাঠি অঞ্চলৰ গোমধান আৰু সাপকাটা অঞ্চলৰ কাঠফুলা খেতি পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত ভাগ লয়।
প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত কৃষি উন্নয়ন আৰু কৃষকসকলৰ সমস্যা সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে এক বৈঠকত মিলিত হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত ঘনশ্যাম দাস আৰু বিটিচিৰ অন্তৰ্গত ৪ খন জিলাৰ কৃষি আৰু আনুষাঙ্গিক বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আন এক গুৰুত্বপূৰ্ণ সভাত অংশ লয় অসম কৃষি আয়োগৰ দলটোৱে।
এই সভাত কৃষি ভূমিত চৰকাৰী সুবিধাৰ জৰিয়তে দ্বৈত খেতি, জলসিঞ্চন ব্যৱস্থা, খেতি পথাৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ, কিদৰে শস্যক পোক পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি, গাহৰি পালন, গাহৰি পালকসকলে সন্মুখীন হোৱা সমস্যা আৰু সমাধানৰ উপায়, খেতিয়কৰ উৎপাদন বৃদ্ধি, কৃষকৰ আয় বৃদ্ধিৰ লগতে কৃষি বাণিজ্য সম্প্ৰসাৰণৰ আৰু বজাৰ সৃষ্টি আদি বিষয়ত মত বিনিময় কৰে। বিভাগৰ অগ্ৰগতি আৰু সমস্যাৰ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e9ab24be-bacd-4b01-b47b-8a5c7050c10e/71b9af06_3232_4721_a73d_0464f73ca2f0.jpg)
উল্লেখ্য যে,অসমৰ প্ৰতিখন জিলাত অঞ্চলভেদে থকা প্ৰচুৰ সম্ভাৱনীয়তাক প্ৰত্যাহ্বানৰ দিশসমূহ চিনাক্তকৰণেৰে সম্পদলৈ ৰূপান্তৰ কৰিবলৈ তথা এক জাগৰণ আনিবলৈ কৰা প্ৰচেষ্টাই এই অসম কৃষি আয়োগৰ মূল উদ্দেশ্য। আয়োগে বৰ্তমান ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকৰ পথাৰ পৰিদৰ্শন তথা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে ।
Also Read: ধেমাজিৰ পানবাৰীৰ কাণ্ড : বৰদলনিত ছাত্র সন্থাৰ বিক্ষোভ