শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া  চিকিৎসাধীন, পৰিয়ালে বিচাৰিছে সহায়…

শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া  চিকিৎসাধীন, পৰিয়ালে বিচাৰিছে সহায়…

author-image
asomiyapratidin
New Update
শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া  চিকিৎসাধীন, পৰিয়ালে বিচাৰিছে সহায়…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :   শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈষ্ণৱী মাৰ্গ দৰ্শনৰ অন্যতম প্ৰচাৰক ,সত্ৰীয়া সংস্কৃতিৰ অন্যতম পুৰোধা ,বৈষ্ণৱ পীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া গোঁসাই  দূৰ্ল্লভ দেৱ গোস্বামী প্ৰভু  ৰোগাক্ৰান্ত।

Advertisment

বিগত এটা পষেকৰো অধিক কাল জটিল ৰোগত আক্ৰান্ত হৈ এইগৰাকী বৈষ্ণৱ সাধক , নৰোৱা সত্ৰৰ অন্যতম চালিকা শক্তি স্বৰূপ  গুৱাহাটীৰ "নেম কেয়াৰ  চিকিৎসালয়"ত চিকিৎসাধীন ।  পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে পোষ্ট কোভিডত আক্ৰান্ত  প্ৰায় ৭১ বছৰীয়া ব্যক্তি গৰাকীৰ সমগ্ৰ শৰীৰত সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত আত্মীয় স্বজনে যোৱা ৩০ জুনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰে ।

ডিব্ৰুগড়ত প্ৰায় এপষেক ধৰি চিকিৎসাধীন হৈ থকা ডেকা সত্ৰীয়া গৰাকীৰ স্বাস্থ্যৰ সামান্যতমো উন্নতি নেদেখি ১৩ জুলাইত গুৱাহাটীলৈ স্থানান্তৰ কৰি "নেম কেয়াৰ  হস্পিটেল"ত ভৰ্তি কৰে  । দেৱ গোস্বামীৰ স্বাস্থ্যৰ জটিলতালৈ লক্ষ্য কৰি চিকিৎসকে  প্ৰথমাৱস্থাত আই চি ইউত ভৰ্তি কৰি চিকিৎসা সেৱা আগবঢ়াই । পৰৱৰ্তী সময়ত ৩ দিন পূৰ্বে  ডেকা সত্ৰীয়া গৰাকীক স্বাস্থ্যৰ জটিলতালৈ লক্ষ্য কৰি  ভেন্টিলেচনলৈ স্থানান্তৰ কৰিছে ।

সম্প্ৰতি ধৰ্মপ্ৰাণ বৰ্ষীয়ান ব্যক্তি গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকট জনক বুলি জনা গৈছে। শ্ৰী শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ উন্নয়ন সমিতিৰ সম্পাদক  , সত্ৰৰ একনিষ্ঠ সেৱক , সত্ৰৰ বয়স্ক পূজাৰী  হিচাবে নিৰন্তৰ সেৱা আগবঢ়োৱা ৰোগাক্ৰান্ত  দেৱ গোস্বামীৰ আশু আৰোগ্য কামনা কৰি  সত্ৰ পৰিয়াল আৰু ভক্ত প্ৰাণ ৰাইজে  সত্ৰ প্ৰাংগণত ধূপ বন্তি জ্বলাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে ।

শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ পৰিয়ালৰ তৰফৰ পৰা অকুণ্ঠ আৰ্থিক সহযোগিতা আগবঢ়াইছে যদিও সুদীর্ঘ দিন জোৰা চিকিৎসা সেৱাৰ বাবে আৰ্থিক নাটনিত ভুগিছে পৰিয়াল। ৰোগাগ্ৰস্ত ডেকা সত্ৰীয়া গৰাকীৰ আত্মীয় স্বজনে  বৈষ্ণৱ সাধক গৰাকীৰ চিকিৎসাৰ বাবে সুহৃদ ৰাইজৰ পৰা আৰ্থিক সহযোগিতা কামনা কৰিছে । ডেকা সত্ৰীয়া গৰাকীৰ পুত্ৰ শশাংক জ্যোতি দেৱ গোস্বামীৰ ইণ্ডিয়ান বেংকৰ ঢকুৱাখনা  বেবেজিয়া শাখাৰ (১৫৬২) একাউণ্ট নম্বৰ  50455054434 (IFSC :IDIB000B706) যোগে সাধ্য অনুসৰি অনুদান আগবঢ়াবলৈ সানুনয় অনুৰোধ জনাইছে ।

আৰু পঢ়ক: নগাঁও কভিড চিকিৎসালয়ৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীৰ পলায়ন…

assam dhakuakhana