/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/79bef91b-f91d-4d55-926b-a13638f9f32e/fo.jpg)
lumding forest destruction
ডিজিটেল সংবাদ, লামডিং -লামডিঙত এইবাৰ বনমাফিয়াৰ শেন চকু পাহাৰীয়া অঞ্চলসমূহৰ পাহাৰসমূহত ৷ মন গ'লেই এফালৰ পৰা লামডিঙত অবৈধ ভাৱে মাটি খনন কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ বন মাফিয়াৰ বিৰুদ্ধে ৷
পাহাৰীয়া অঞ্চল বুলি খ্যাত ৰেল নগৰী লামডিঙৰ সংৰক্ষিত বনাঞ্চলৰ লগতে অন্যান্য স্থানতো এফালৰ পৰা চলিছে ধ্বংস যজ্ঞ ৷ এইবাৰ পাহাৰীয়া অঞলটোৰ পাহাৰসমূত দিন দুপৰতে চলিছে খনন কাৰ্য চলাই গৈছে একাংশই ৷ কুম্ভকৰ্ন নিদ্ৰাত নে বন বিভাগৰ লোক মেনেজ হৈ লামডিঙত এনে খনন কাৰ্য চলিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷
অভিযোগ উঠা মতে বনবিভাগৰ একাংশ বিষয়াৰ চকুৰ সন্মূখতেই দিন দুপৰতে চলিছে মাটিৰ অবৈধ খনন কাৰ্য ৷ জেচিবি, টেক্টৰ ব্যৱহাৰে একাংশই প্ৰতি দিনেই বিভিন্ন ঠাইত পাহাৰ কাটি সমান কৰি তোলা পৰিলক্ষিত হৈছে ৷
এনে অবৈধ পাহাৰ খনন কাৰ্যই লামডিঙৰ প্ৰাকৃতিক ভাৰাসাম্য নষ্ট কৰাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যই বিনষ্ট কৰিছে যি কামে এতিয়া লামডিঙত সঘনে চলি থকা পৰিলক্ষিত হৈছে ৷ কিন্তু আজিলৈকে এই ক্ষেত্ৰত বন বিভাগ নিমাত নিস্তব্ধ হৈ থকাই পৰিলক্ষিত হৈছে ৷