
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাৰ্বি আংলঙৰ সেউজ পাহাৰত চলিছে বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা ৷ কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ গইনা লৈ পাহাৰ ধ্বংস কৰি একাংশ নামি পৰিছে সুবিশাল অট্টালিকা নিৰ্মাণত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত পাহাৰ ধ্বংস কৰি চলা নিৰ্মান কাৰ্যই কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতিও যে ভাবুকিৰ সৃষ্টি কৰিব তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ ৷
ইফালে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ একলব্য ৰেচিডেঞ্চিয়েল স্কুল প্ৰজেক্ট নিৰ্মানৰ বাবেও পাহাৰৰ এটা বৃহৎ অংশ খহাই নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ যুৱ ছাত্ৰৰ পৰিষদৰ অভিযোগ ২০১৯ চনতে সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত খনন কাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো চৰকাৰী পক্ষৰ জ্ঞাতসাৰে চলি আছে পাহাৰ ধ্বংস ৷
এই ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদৰ দাবী কাজিৰঙাৰ বন্যজন্তুৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰক ৷ উন্নয়নৰ নামত বন ধ্বংস কৰা নচলিব বুলিও স্পষ্ট মত সংগঠনটোৰ ৷