মনহা নসত্ৰত হৰিণ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মনহা নসত্ৰত হৰিণ উদ্ধাৰ

ডিজিটেল সংবাদ, মায়ং : জাগীৰোড থানাৰ অন্তৰ্গত মনহা নসত্ৰ গাৱত এটা হৰিণ উদ্ধাৰ হৈছে । অৱসৰপ্ৰাপ্ত শিক্ষক গুনেশ্বৰ ডেকাৰ ঘৰত উদ্ধাৰ হৈছে হৰিণ টো।

উল্লেখ্য যে, শিক্ষক গৰাকীৰ ঘৰত পাছফালৰ পৰা আহি ৰান্ধনিশালত প্ৰৱেশ কৰিছিল হৰিণটোৱে। বন বিভাগক হৰিণটো সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও বাতৰি সংগ্ৰহ কৰা পৰলৈ উপস্থিত হোৱা নাই বন বিভাগৰ লোক। আনহাতে, হৰিণটো কেনেকৈ শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হ'ল সেই বিষয়ে অৱগত নহয় কোনো । হৰিণটোক চাবলৈ গাওঁবাসী উবুৰি খাই আহিছে যদিও নিৰাপদে ৰখা হৈছে হৰিণটোক ।

forest department of assam