Advertisment

বোকাখাতৰ কৈলাখতত পহু হত্যা, তদন্ত অব্যাহত বন বিভাগৰ

বোকাখাতৰ কৈলাখতত পহু হত্যা, তদন্ত অব্যাহত বন বিভাগৰ

author-image
Asomiya Pratidin
New Update
বোকাখাতৰ কৈলাখতত পহু হত্যা, তদন্ত অব্যাহত বন বিভাগৰ

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ কৈলাখত মঙলবাৰে পুৱা কোনো দুস্কৃতিকাৰীয়ে এজনী মাইকী খুটীয়া পহু হত্যা কৰে ৷ মানুহৰ উপস্থিতিৰ উমান পাই গাওঁখনৰ ধনীৰাম শইকীয়া নামৰ লোকজনৰ বাৰীতে মৃত পহুজনী পেলাই লোকজনে পলায়ন কৰে।

Advertisment

স্থানীয় লোকে দিয়া খবৰৰ পিছতেই ঘটনাস্থলীত বোকাখাত বনাঞ্চলৰ বনকৰ্মী দল উপস্থিত হৈ মৃত পহুজনী উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ পুৱাতেই কেইজনমান লোকে পহুজনী খেদি নিয়াৰ খবৰ পাইছিল স্থানীয় লোকে ৷

ঘটনাস্থলীত হত্যাকাৰীক কৰায়ত্ব কৰাৰ বাবে প্ৰশিক্ষিত স্নিফাৰ ডগ ব্যৱহাৰ কৰিছে বনবিভাগে ৷ স্নিফাৰ ডগৰ  সহায়ত ইতিমধ্যেই পহু হত্যাত ব্যৱহাৰ কৰা শেল এডাল উদ্ধাৰ কৰিছে বনকৰ্মীৰ দলে ৷ এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে তদন্ত চলাই আছে অভিযানকাৰী দলে ৷ ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আটক কৰিব পৰা নাই বনকৰ্মীয়ে ৷

উল্লেখযোগ্য যে বাৰিষা হোৱা বানপানীৰ উপৰিও শীতকালতো বনৰ পৰা পহু ওলায অহা দেখা যায় । শীত কালত ডাহ জাতীয় মাখিৰ প্ৰজাতিয়ে পহুৰ পিঠিত কনী পাৰে । এই কনীৰ পৰা ওলোৱা ওকনিৰ গৰে পোৱালীয়ে পহুৰ শৰীৰত অস্বস্তিৰ সৃষ্টি কৰে । ইয়াৰ পৰা পৰিত্ৰান পাবৰ বাবে পহুবোৰে বনৰ পৰা মুকলিলৈ ওলায় আহি মানুহ আৰু কুকুৰ আদিৰ আক্ৰমনৰ বলি হয় ।

Also Read: আলফাঃ কিছু অপ্ৰিয় কথা...

deer