/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/deer.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: উদ্ধাৰ কৰাৰ সময়তে বুধবাৰে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটিল বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি দিকভ্ৰান্ত হোৱা এটা হৰিণৰ। কলিয়াবৰৰ শালনাত সংঘটিত হৈছে এই ঘটনা।
শালনাৰ দক্ষতা বিকাশ কেন্দ্ৰৰ চৌহদত সোমাই আবদ্ধ হৈ পৰিছিল পহুটো। বহু সময় ধৰি কেন্দ্ৰটোৰ চৌহদত আবদ্ধ হৈ আছিল মতা প্ৰাপ্তবয়স্ক হৰিণটো। জঁপিয়াই ওলাবলৈ চেষ্টা কৰোতে কেন্দ্ৰটোৰ চৌহদৰ দেৱাল আৰু লোৰ গে'টত খুন্দা খাই আহত হৈছিল হৰিণটো।
প্ৰায় এঘণ্টাৰ পিছত পহুটোক শালনা আঞ্চলিক বন বিভাগৰ লোকে উদ্ধাৰ কৰে যদিও উদ্ধাৰ কৰাৰ সময়তে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে পহুটোৰ। পহুটোৰ মৃতদেহ ইতিমধ্যে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বন বিভাগে l