/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9d512a36-6d06-4a07-a802-12731f876c6a/dipak_mahanta.jpg)
ডিজিটেল ডেস্ক : অহা ১৪ আৰু ১৫ ছেপ্টেম্বৰত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে অসম সাংস্কৃতিক সঞ্চালকালয়, গুৱাহাটীৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত দুখন কালজয়ী নাট মঞ্চস্থ কৰাৰ প্ৰয়াস কৰিছে।
প্ৰথম দিনৰ নাট অৰ্থাৎ ১৪ ছেপ্টেম্বৰত মঞ্চস্থ হ'ব পদ্মনাথ গোহাঞিবৰুৱাৰ কালজয়ী নাট 'টেটুন তামুলী'। এই নাটৰ পৰিচালনা কৰিছে ভূপেন শৰ্মাই। সন্ধিয়া ৫.৪৫ বজাত আৰম্ভ হ'ব এই নাটকৰ অনুষ্ঠান।
আনাহতে, দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি অৰ্থাৎ ১৫ ছেপ্টেম্বৰত দীপক মহন্তৰ বহু সমাদৃত নাট গজপুৰীয়া মঞ্চস্থ কৰা হ'ব। এই নাটকখনৰ পৰিচালনা কৰিছে জিতুমণি দেৱচৌধুৰীয়ে আৰু সহ পৰিচালকৰ দায়িত্বত আছে মনোৰঞ্জন মহন্ত। সন্ধিয়া ৫.৪৫ বজাত আৰম্ভ হ'ব নাটকৰ অনুষ্ঠান।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us