বাংলাদেশী অনুপ্ৰৱেশকাৰী, আধাৰৰ ওপৰত অসম চৰকাৰৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত

আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটৰ এই সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে সদৰি কৰিছে। 

author-image
Asomiya Pratidin
New Update
বিশেষ ক্রীড়া প্রশিক্ষণ, ESIC ডাক্তৰ ছাৰ্ভিচ ২০২০ৰ সংশোধনৰে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ...

ডিজিটেল ডেস্কঃ আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটৰ এই সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে সদৰি কৰিছে। 

সংবাদ মেলত আজি মূলতঃ তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত কয়, ভাৰতৰ বাবে বাংলাদেশী অনুপ্ৰৱেশকাৰী ডাঙৰ ভাবুকি হৈ পৰিছে। সীমান্তত অসম আৰক্ষী অধিক শক্তিশালী কৰা হ’ব।তেওঁ কয়, অসম তথা ভাৰতত অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ বন্ধৰ বাবে অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

তেওঁ কয়, আধাৰ কাৰ্ড প্ৰদান কৰা ব্যৱস্থাটো অধিক কঠোৰ আৰু কটকটীয়া কৰা হ’ব। ৰাজ্যিক পৰ্যায়ৰ ভেৰিফিকেচন অধিক কঠোৰ কৰা হ’ব।

এই গোটেই প্ৰক্ৰিয়াটোৰ দায়িত্ব দিয়া হ’ব ৰাজ্য প্ৰশাসন বিভাগক। চক্ৰ বিষয়াৰ পৰ্যায়ত আধাৰৰ আবেদনকাৰীৰ পৰিদৰ্শন হ’ব। আবেদনকাৰীয়ে NRC আবেদন কৰিছে নে নাই সেয়াও পৰীক্ষা কৰা হ’ব।

NRCত আবেদন নকৰা ব্যক্তিসকল ৰাজ্যিক পৰ্যায়ত নাকচ হ’ব। ৰাজ্যয়ে পৰৰ্ৱতী পৰ্যায়ত কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তেনে আবেদন। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, আবেদনকাৰীৰ ফিল্ডত ভেৰিফিকেচন কৰিহে তেওঁলোকৰ আবেদন গ্ৰহণ কৰা হ’ব।

সকলো আবেদনকাৰীৰ ফিজিকেল ভেৰিফিকেচন কঠোৰভাৱে কৰা হ’ব। আধাৰ প্ৰদান প্ৰক্ৰিয়া স্বয়ংক্ৰিয় হৈ নাথাকিব। এতিয়াৰে পৰা আবেদন কৰিলেই আধাৰ পোৱা ব্যৱস্থা বন্ধ হ’ব।

ড০ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ কেবিনেট কেবিনেট সিদ্ধান্ত