মুখ্যমন্ত্ৰীৰ ছাঁৰ দৰে থকা তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ তথ্য ফাদিল !

মুখ্যমন্ত্ৰীৰ ছাঁৰ দৰে থকা তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ তথ্য ফাদিল !
মুখ্যমন্ত্ৰীৰ ছাঁৰ দৰে থকা তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ তথ্য ফাদিল !

ডিজিটেল ডেস্কঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে অমৃত কালৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছত কেন্দ্ৰীয় বাজেটত আৰু পৰৱৰ্তী সময়ত চৰকাৰী ভাৱে আগন্তুক ২৫ বছৰৰ ৰোড মেপ তৈয়াৰ কৰি এই সময়ছোৱাক অমৃত কাল আখ্যা দিছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অমৃত কালৰ কথা প্ৰতিদিনেই দোহাৰি থকাৰ সময়তে অসমত লুট কাল চলি আছে বুলি তীব্ৰ কটাক্ষ কৰিলে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই।

মূলতঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত সংঘটিত হৈ থকা বিয়োগাম কেলেংকাৰীৰ কথা প্ৰকাশ কৰি তেওঁ এইদৰে কটাক্ষ কৰিছে। বিৰোধী দলপতিগৰাকীয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদখনত নজিৰ বিহীন দুৰ্নীতিৰ তথ্য ফাদিল কৰিছে।

ৰাজহুৱাকৈ উপলব্ধ বিভিন্ন চৰকাৰী তথ্যৰ উদ্ধৃতিৰে শইকীয়াই স্বায়ত্ব শাসিত পৰিষদখনৰ নামত অনুমোদিত উন্নয়ন মূলক কাম-কাজ বোৰ কেৱল মাত্ৰ পৰিষদৰ কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ পৰিয়াল আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তিৰ মাজত বিতৰণ কৰা হৈছে বুলি তথ্য ফাদিল কৰিছে।

কেৱল সেয়াই নহয়, পূৰ্বতে সম্পূৰ্ণ হোৱা কামৰ নামত তুলিৰাম ৰংহাঙে ১০০ কোটি টকাৰ চৰকাৰী ধন সৰকোৱাৰ অভিযোগো উত্থাপন হৈছে। তেওঁ উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ পথ উন্নয়ন সাহায্য পুঁজিৰ নামত আৱণ্টিত ১০০ কোটি টকাৰ কাম-কাজ কেৱল তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ মাজতে চৰকাৰী নিয়ম আৰু পদ্ধতি অৱজ্ঞা কৰি বিতৰণ কৰা হৈছে।

২৮ মাৰ্চ, ২০১৯ ত Memo No. HAD. 40/2019/83 ৰ জৰিয়তে তুলিৰাম ৰংহাঙৰ পত্নী আৰু ভাতৃৰ নামত থকা M/S Kache Construction (OPC) Pvt. Ltd আৰু M/S Inglong Enterprice লৈ ক্ৰমে ৬০ কোটি আৰু ৪০ কোটি টকাৰ কাম বিতৰণ কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বহু কেইটা প্ৰকল্পৰ কাম ইতিমধ্যে আন আঁচনিৰ অধীনত সম্পূৰ্ণ হোৱা স্বত্বেও পুনৰ একে কামৰ নামত নতুনকৈ চৰকাৰী ধন আৱণ্টন হোৱাৰ দৰে ঘটনা স্বায়ত্ব শাসিত পৰিষদখনত সংঘটিত হৈছে।

দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰিছে বিৰলা পৰা ৰংপ্লিম্প্লামৰ ১৭ কিলোমিটাৰ পথ মাত্ৰ ৭ দিনত কেনেকৈ সম্পূৰ্ণ কৰিব পাৰিলে? ৩০ কোটি টকীয়া এই পথটো মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ প্ৰতিষ্ঠানে ৭ দিনত সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁলোকৰ হাতত এনে কি উন্নত বিশেষ কাৰিকৰী দক্ষতা আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখ্য যে, ২০১৮-১৯ বিত্তীয় বৰ্ষত জয়সিং দলৈ মেমৰিয়েল অডিটৰিয়ামৰ পৰা ডিফু-মাঞ্জা সংযোগী পথটো উন্নতিকৰণৰ বাবে ১ কোটি ৫০ লাখ টকা অনুমোদন দিয়া হৈছিল। এই পথটোৰ উন্নতিকৰণৰ ঠিকা লাভ কৰিছিল ৰবিৰাম ৰংহাঙে। এই একেটা কামৰ বাবে আকৌ ২০১৯-২০ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত পুনৰ ১ কোটি ৬৫ লাখ টকাৰ অনুমোদন দিয়া হয়। পুনৰ এই কামৰ ঠিকা লাভ কৰে ৰবিৰাম ৰংহাঙে।

একেদৰে ডিফু-মাঞ্জা পথৰ ফাষ্ট পুলিচ পইণ্টৰ পৰা মাটিপুং তিনিআলিৰ ১০৬০ মিটাৰ দূৰত্বৰ পথ উন্নতিকৰণৰ বাবে ১৪ কোটি ৩৫ লাখ টকা অনুমোদন দিয়া হৈছে। এই কামৰ থিকা লাভ কৰিছে মনিম টেৰনপিয়ে। এই একেটা পথ উন্নতিকৰণৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত ৯ কোটি ৩২ লাখ ৭৬ হাজাৰ টকা অনুমোদন দিয়া হৈছিল।

আনহাতে ডিফু চিভিল হাস্পতালৰ পৰা ডিফু থানা হৈ লুৰুলাংছু পথৰ উন্নতিকৰণৰ বাবে ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৬ কোটি ৭৮ লাখ ৬৯ হাজাৰ টকা মুকলাই দিয়া হৈছিল। এই কামৰ ঠিকা লাভ কৰিছিল ৰবিৰাম ৰংহাঙৰ মালিকানাধীন প্ৰতিষ্ঠান ইংলং এণ্টাৰপ্ৰাইজে।

এই একেই কামৰ বাবে আকৌ বিত্তমন্ত্ৰীৰ বিশেষ পেকেজৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষৰ ২৬ মাৰ্চত পুনৰ ৬ কোটি ৭৬ লাখ টকা মুকলাই দিয়া হয়। আৰু এইবাৰো এই কামৰ দায়িত্ব লাভ কৰে ৰবিৰাম ৰংহাঙেই। ইয়াতেই এই কাম শেষ হোৱা নাই।

পুনৰ একেটা বিত্তীয় বৰ্ষৰ ২৯ মাৰ্চত এই একেটা পথ উন্নয়নৰৰ নামত পুনৰ ৫ কোটি ৪০ লাখ ৮০ হাজাৰ টকা অনুমোদন জনোৱা হয়। এইদৰেই এই পথটো উন্নয়নৰ নামত মুঠ ৩ বাৰ আৰু অন্তিম দুবাৰত মাত্ৰ দুদিনৰ ব্যৱধানত দুবাৰকৈ ধন অনুমোদন জনোৱা হ'ল বুলি অভিযোগ উত্থাপন কৰিছে দেৱব্ৰত শইকীয়াই।

মুখ্যমন্ত্ৰীৰ ছাঁৰ দৰে থকা তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ তথ্য ফাদিল !
আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! দিব্যজ্যোতি মেধি ন্যায়ালয়ৰ দ্বাৰস্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in