বিপদে লগ এৰা নাই এন এইচ পি চি নদীবান্ধক...

কৰ্মৰত অৱস্থাত পুনৰ মৃত্যু শ্ৰমিকৰ
বিপদে লগ এৰা নাই এন এইচ পি চি নদীবান্ধক...

ডিজিটেল ডেস্ক : বিপদে লগ এৰা নাই এন এইচ পি চি নদীবান্ধক । কৰ্মৰত অৱস্থাত পুনৰ মৃ্ত্যু শ্ৰমিকৰ । ২০১৭ চনৰ পৰা চলিত মাহলৈ নদীবান্ধটিত প্ৰাণ হেৰুৱালে ১৩ জনকৈ শ্ৰমিকে । প্ৰকল্পটিত ২০১৭ বৰ্ষত মৃত্যু হৈছিল মুকুটা চেতীয়া নামৰ শ্ৰমিক জনৰ । তাৰ পাছৰে পৰাই বিভিন্ন দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে সৰ্বমুঠ ১৩ জন শ্ৰমিকে ।

মুকুটা চেতীয়াৰ পাছতেই ক্ৰমে ৰাজেশ চুব্বা, নীলিম চমুৱা, বিশ্বজিৎ পেগু, সুৰেন্দ্ৰ পেগু, ৰোহিত তায়ুং, লক্ষী দাস, অজন্ত দ'লে, ৰাজেন শইকীয়া, অশোক মুছা আৰু জিৎ হাতীবৰুৱাই প্ৰাণ হেৰুৱাই প্ৰকল্পটিত ।

শেহতীয়া দুৰ্ঘটনাটিত মূল বান্ধৰ ৭ নং ব্লকত শ্বাটাৰিঙৰ কামত কৰ্মৰত অৱস্থাত আছিল শ্ৰমিক জন আৰু চেফটি বেল্ট খুলি যোৱাৰ বাবে প্ৰায় ১১৬ মিটাৰ উচ্চতাৰ পৰা পৰি মৃত্যুক সাৱটি লয় শ্ৰমিকজনে ।

উল্লেখ্য যে, নদীবান্ধ প্ৰকল্পটিত সততেই মানৱ অধিকাৰ উলংঘা হৈ অহাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে । শেহতীয়া দুৰ্ঘটনাটোত মৃত্যু হোৱা শ্ৰমিকজন আছিল চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ আৰু ইয়াৰ পূৰ্বে মৃত্যু হোৱা আন সকল শ্ৰমিক আছিল প্ৰকল্পটিৰ নিকটৱৰ্তী জিলা সমূহৰ ।

জীৱিকা নিৰ্বাহৰ বাবে কাম কৰিবলৈ অহা শ্ৰমিক সকলক উন্নত মানদণ্ডৰ চেফটি সামগ্ৰীৰ যোগান নধৰাকৈ কিদৰে বান্ধৰ কামত নিয়োজিত কৰিব পাৰিলে বুলি প্ৰশ্ন কৰে সচেতন মহলে ।

আনহাতে, ইয়াৰ পূৰ্বে মৃত্যু হোৱা শ্ৰমিক সকলৰ এজনৰ মৃত্যু হৈছিল বিদ্যুৎস্পৃষ্ট হৈ আৰু ডাইভাৰজন টানেল ভাঙি বোকাত পোত গৈও মৃত্যুমুখত পৰিছিল আন এজন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in