ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাৰ্ধক্য জনিত কাৰণত মৃত্যু এটি মতা গঁড়ৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাৰ্ধক্য জনিত কাৰণত মৃত্যু এটি মতা গঁড়ৰ

ডিজিটেল সংবাদ, ওৰাং : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু। বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছে গড়টোৰ৷ উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত মৃত্যু হৈছে গঁড়টোৰ। গড়টোৰ বয়স আনুমানিক বয়স ৪০-৪৫ বছৰ বুলি জানিব পৰা গৈছে। গঁড়টোৰ উচ্চতা ২ মিটাৰ আৰু দীঘল ৩ মিটাৰতকৈ অধিক বুলি জানিব দিছে বন বিভাগে।

বুধবাৰে উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত বন কৰ্মীয়ে টহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টো। পশু চিকিৎসক বাহাৰুল ইছলাম আৰু ডি, এফ, অ প্রদীপ্ত বৰুৱাই জনোৱা মতে, অতিৰিক্ত বয়স হোৱাৰ বাবেই মৃত্যু হৈছে গঁড়টোৰ। খৰ্গকে আদি কৰি সকলো অংগ কুশলে আছে বুলি জানিব দিয়ে বন বিভাগে। বুধবাৰে সন্ধিয়া বন বিভাগৰ দল আৰু চিকিৎসকে মৃত গঁড়টোৰ খৰ্গ সংৰক্ষণ কৰাৰ বাবে কাটি লৈ আঞ্চলিক বন বিষয়া কাৰ্যলয়লৈ লৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in