বকোত বিদ্যুতস্পৃষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু

বকোত বিদ্যুতস্পৃষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু

author-image
asomiyapratidin
New Update
বকোত বিদ্যুতস্পৃষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ,বকো: বকোত বিদ্যুতস্পৃষ্ট হৈ বুধবাৰে নিশা ভাস্কৰ ৰাভা (২৩) নামৰ লোক এগৰাকীৰ কৰুণ মৃত্যু হয় । বকো থানাৰ অন্তৰ্গত নিচিনপুৰগাঁৱৰ লোকগৰাকীয়ে নিজ গৃহত বিদ্যুৎ সংযোগৰ কাম কৰি আছিল। তেনেসময়তে বিদ্যুতস্পৃষ্ট হৈ গুৰুতৰ ভাবে আহত হোৱা ভাস্কৰ ৰাভাক ততাতৈয়াকৈ বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত তেখেতৰ মৃত্যু হয় ।

উল্লেখ্য যে, আজি লোকগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব ।

আৰু পঢ়ক :কবিতা/৩০ নি:স্বতা…

BOKO death