নুমলীগড়ত মৃতদেহ উদ্ধাৰ

পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল সংবাদ, নুমলীগড় : শিৱৰাত্ৰিৰ আৰম্ভণিৰ আনন্দৰ মাজতে নুমলীগড়ত কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ।

Advertisment

ডিঙিত আঘাতৰ চিন প্ৰত্যক্ষ কৰি হত্যাৰ সন্দেহ ৰাইজৰ। শনিবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ লেটেকুজান চাহ বাগিচাৰ ১২ নম্বৰ চেকচনত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহটো দৈগ্ৰোঙ চাহ বাগিচাৰ নতুন লাইনৰ ৰাজ ভূঞা বুলি জানিব পৰা গৈছে। কিশোৰটিৰ ডিঙিত আঘাতৰ চিন স্পষ্ট। ডিঙি চেপি বা ৰচীৰে মেৰিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।

ঘটনাস্থলীত দণ্ডাধীশ তথা নুমলীগড় আৰক্ষীৰ এটা দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

আৰু পঢ়কঃ নুমলীগড়ৰ ঐতিহাসিক বাবাথানত ভক্তৰ লানি নিচিগা সোঁত...

Assam police