/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
মথুৰাপুৰত এজনক হত্যা কৰি পুতি থোৱা অৱস্থাত উদ্ধাৰ...
ডিজিটেল সংবাদ মথুৰাপুৰঃ শিৱৰাত্ৰি উপলক্ষে ভক্তিৰসত মতলীয়া হৈ থকাৰ সময়ত মথুৰাপুৰত চাঞ্চল্য। পথাৰত ওলোটাই পুতি থোৱা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ।
স্থানীয় ৰাইজৰ সন্দেহ পৰিকল্পিত ভাৱে হত্যা কৰি লোকজনক এইদৰে পুতি থোৱা হৈছিল। উদ্ধাৰ হোৱা মৃতদেহটো মথুৰাপুৰ ৰাঙলী চুকৰ নীৰেশ্বৰ গগৈ(৬৫)ৰ বুলি চিনাক্ত কৰা হৈছে ।
ঘটনাৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত গৈ উপস্থিত মথুৰাপুৰ আৰক্ষী৷ ইফালে নীৰেশ্বৰ গগৈৰ পৰিয়ালৰ লোকেও এয়া এক হত্যাকাণ্ড বুলি দাবী কৰি তদন্তৰ দাবী কৰিছে।
মৃতদেহৰ বুকু, মূৰত আঘাতৰ চিন স্পষ্ট। তাৰোপৰি নাক আৰু মুখেৰে ওলাই আছে তেজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us