ৰঙালী বিহুৰ মাজতে মেইলবজাৰ ঘাটত সলিল সমাধি এজনৰ

মেইলবজাৰ ঘাটত গৰু বিহুৰ দিনা দিনৰ প্ৰায় ১ মান বজাত সুধিৰ দে নামৰ লোক জনে আন দিনাৰ দৰে গা ধুবলৈ গৈ বহু সময় সন্ধানহীন হৈ আছিল। আজি পুৱাই উদ্ধাৰ হয় মৃতদেহ।

author-image
Tushar Pratim
New Update
ৰঙালী বিহুৰ মাজতে মেইলবজাৰ ঘাটত সলিল সমাধি এজনৰ

ডিজিটেল সংবাদ বিহালীঃ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে মেইলবজাৰত অঘটন। গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী বৃদ্ধৰ। জানিব পৰা মতে মেইলবজাৰ ঘাটত গৰু বিহুৰ দিনা দিনৰ প্ৰায় ১ মান বজাত সুধিৰ দে নামৰ লোক জনে আন দিনাৰ দৰে গা ধুবলৈ গৈ বহু সময় সন্ধানহীন হৈ আছিল।

আবেলি প্ৰায় ৪/৫ মান বজাত ব্যক্তি জন ঘৰলৈ ঘূৰি নহাত ঘৰৰ মানুহে স্থানীয় যুৱক পিঙ্কু দেৰ সহযোগত বহুতো বিচাৰ-খুচাৰ কৰাতো তেওঁৰ কোনো খবৰ নোপোৱাত উপায়ন্তৰ হৈ হেলেম আৰু ঘাঁহিগাও আৰক্ষীক অৱগত কৰে। ইফালে নিশা হোৱাৰ বাবে বিচাৰ-খুচাৰ কৰাত অসুবিধাৰো সন্মুখীন হয়।

আজি পুৱা প্ৰায় ৬ মান বজাত NDRF বাহিনী আহি পায় যদিও স্থানীয় যুৱক মৃদুল দাস নামৰ যুৱক জনে সুধিৰ দেৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে স্থানীয় গাওঁ প্ৰধানক অবগত কৰে। ইয়াৰ পিছতে পুৱা হেলেম আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বিহালী