চিলাপথাৰত হোটেলৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

চিলাপথাৰ দীপাৰ এখন হোটেলৰ এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ডিজিটেল সংবাদ, চিলাপথাৰঃ নতুন বছৰৰ আগমনকলৈ সৰ্বত্ৰ আনন্দমুখৰ পৰিবেশ বিৰাজ কৰি থকাৰ সময়তে চিলাপথাৰ দীপাৰ এখন হোটেলৰ এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো চিলাপথাৰ লক্ষীপুৰ নিবাসী প্ৰয়াত খগেন টায়েৰ পুত্ৰ দীনেশ টায়েৰ(২৩)। দীপাৰ BERRY নামৰ হোটেলখনৰ কৰ্মচাৰী আছিল যুৱকজন।

Advertisment

মঙলবাৰে পুৱা হোটেলৰ সন্মুখৰ এজোপা গছত ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। অতি দৰিদ্ৰ পৰিয়ালৰ স্নাতক ডিগ্ৰীধাৰী যুৱকজনে পেটৰ তাড়নাত হোটেলখনত কাম কৰি আছিল।

যুৱক জনৰ ৰহস্যজনক মৃত্যুক সহজ ভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। অতি নিৰ্জু আৰু অমায়িক যুৱক জনক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ গছত ওলোমাই ৰখা বুলি অভিযোগ তুলিছে আত্মীয়ই। তদুপৰি হোটেলৰ কাষতে থকা পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে মোবাইলে ফোন।

যোৱা নিশা হোটেলৰ কৰ্মচাৰী সকলোৰ সৈতে পাৰ্টি কৰা দেখা গৈছে চিচিটিভিত। এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ।

Also Read: ৩১ ডিচেম্বৰৰ নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ