উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ…

উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত সুন্দৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কানিভূৰ নৈৰ দলঙৰ তলত বুধবাৰে পানীত ওপঙি থকা অৱস্থাত এগৰাকী অচিনাক্ত মহিলাৰ উলঙ্গ মৃতদেহ উদ্ধাৰ ।

মৃতদেহ উদ্ধাৰ কৰাৰ পিছত এলেকাৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰি আছে অঞ্চলটোত । স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত চিদলী আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় ।

মৃতদেহটো কি পৰিস্থিতিত উক্ত স্থানত আহি পালে এতিয়াও পোহৰলৈ অহা নাই বা চিনাক্ত কৰণ হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

আৰু পঢ়ক: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন দস্যু আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী…

assam chirang