/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, গৰৈমাৰীঃ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত নহিৰাৰ ওচৰৰ গুইমাৰাৰ ব্ৰহ্মপুত্ৰত শুকুৰবাৰে আৰক্ষীয়ে অচিনাক্ত মৃতদেহ এটা উদ্ধাৰ কৰে ৷ জানিব পৰামতে নহিৰাৰ গুইমাৰা নামৰ ঠাইৰ ব্ৰহ্মপুত্ৰত স্থানীয় ৰাইজে শুকুৰবাৰে এটা মৃতদেহ প্ৰত্যক্ষ কৰি শুৱালকুছি নদী আৰক্ষীক খবৰ দিয়ে ৷
পিচত শুৱালকুছি নদী আৰক্ষী থানাৰ অ'চি অৰূপ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গুইমাৰাৰ ব্ৰহ্মপুত্ৰৰ পৰা অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটোৰ শৰীৰত ক'লা ৰঙৰ টি-চাৰ্টৰ সৈতে জিনছ পেণ্ট পৰিধান কৰা দেখা গৈছে।
আনুমানিক ৩০ বছৰীয়া অচিনাক্ত পুৰুষৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে মৃতদেহটো চিনাক্তকৰণৰ বাবে জি এম চি এইছৰ মৰ্গত ৭২ ঘণ্টা ৰখা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।
আৰু পঢ়ক: মুকলি আকাশৰ তললৈ আহি বৰ্ষাশ্ৰীয়ে ক'লে, মই অনুতপ্ত…