ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: দক্ষিণ কামৰূপৰ পলাশবাৰী নহিৰা সত্ৰাপাৰাৰ ঘাটত দেওবাৰে ৰাজাপুখুৰীৰ জীয়াৰী তথা ৰামপুৰৰ বোৱাৰী এগৰাকীয়ে মহাবাহু ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ ঘটনা সংঘটিত হৈছিল ।

Advertisment

পুৱতি নিশাতে মহিলা গৰাকীয়ে ৰামপুৰৰ নিজ স্বামীগৃহৰ পৰা ৰাজাপুখুৰীৰ মাকৰ ঘৰলৈ আহিম বুলি কৈ ওলাই আহি এই ঘটনা সংঘটিত কৰা বুলি স্বামী জোন কলিতাই দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

দেওবাৰে ঘটনাটো সংঘটিত হোৱাৰ পিছত উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ মহিলা গৰাকী বিচাৰি অভিযান চলাই যদিও কামিনী দাসৰ কোনো তথ্য লাভ কৰা নাছিল ।

কিন্তু বুধবাৰে সত্ৰাপাৰাৰ ঘাটৰ ওচৰৰে এঠাইত মহাবাহুৰ বুকুত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে গৰাকীৰ মৃতদেহ । অৱশ্যে ঘটনাৰ তদন্তৰ পিচতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

আৰু পঢ়ক:

assam dead body suicide