/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b927bda8-0e97-4605-bdf7-526c3dd671a7/rttt.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সোমবাৰে ঘৰৰ ভিতৰত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ ৷ মঙলদৈ টেলিপাৰাৰ নিকতৱৰ্তী নিউকলনিৰ প্ৰাৰ্থ হাজৰিকা নামৰ যুৱকজনৰ মৃতদেহ অৰ্ধগলিত অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ হয় ৷অকলশৰীয়া যুৱক জনৰ পিতৃ-মাতৃ প্ৰায় দুবছৰ আগতে মৃত্যু হৈছিল৷
খবৰ অনুসৰি ঘৰটোৰ পৰা ওলোৱা গোন্ধৰ বাবে ওচৰ-চুবুৰীয়াই সন্দেহবশত মঙলদৈ আৰক্ষীক খবৰ দিয়ে ৷ মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ লগত মঙলদৈ ৰাজহচক্ৰ বিষয়া দেৱাংগ শৰ্মাই ঘটনাস্থলীত উপস্থিত হৈ তলা ভাঙি অৰ্ধগলিত অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷
মঙলদৈ আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।কি কাৰণে এই মৃত্যু হয় যুৱকজনৰ সেয়া মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: আপোনাৰ ৰাম ৰাজ্যত 'মৃত্যু' ইমান সুলভ...