চলন্ত ৰে’লৰ বাথৰুমত দুৰ্বৃত্তই হত্যা কৰিলে মহিলাক...

 চলন্ত ৰে’লৰ বাথৰুমত দুৰ্বৃত্তই হত্যা কৰিলে মহিলাক...

ডিজিটেল ডেস্কঃ তীৰ্থ ভ্ৰমণ কৰি ঘৰলৈ ঘূৰি আহি নাপালে মহিলাই। আধাবাটতে হত্যা কৰিলে দুৰ্বৃত্তই।

বুধবাৰে চলন্ত ৰে’লৰ বাথৰুমত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। নিচাযুক্ত সামগ্রী খুৱাই মহিলাক হত্যা কৰি অলংকাৰ লুটপাত দুৰ্বৃত্তৰ। গয়া–কামাখ্যা ৰে’লৰ বাথৰুমত উদ্ধাৰ মৃতদেহটো।

মৃত মহিলাগৰাকীৰ নাম পম্পী শৰ্মা হালৈ বুলি জানিব পৰা গৈছে। তীৰ্থযাত্রাৰ পৰা ঘৰলৈ ঘূৰি অহা অৱস্থাত সংঘটিত এই ঘটনা। মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত পৰিয়ালে প্রত্যক্ষ কৰে মৃতদেহটো।

সম্প্রতি ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in