
ডিজিটেস সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত গেন্দ্ৰাবিলত এগৰাকী মহিলাৰ অস্বাভাৱিক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বাঁহনিৰ তলৰ পৰা শনিবাৰে নিশা অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো গেন্দ্ৰাবিলৰ মঞ্জু নাথ(৪২)ৰ বুলি চিনাক্ত কৰা হৈছে ।
প্ৰাপ্ত বাতৰি অনুসৰি মঞ্জু নাথ শনিবাৰ আবেলিৰে পৰা নিখোজ হোৱাত পৰিয়ালৰ লোকে বিচাৰ -খোচৰ আৰম্ভ কৰে যদিও সন্ধান লাভ কৰা নাছিল । কিন্তু সন্ধিয়া এটা গৰু বাঁহনিৰ ফালে যোৱাত পৰিয়ালৰ এজন সদস্যই বাঁহনিৰ তলত মঞ্জু নাথ(৪২)ৰ অগ্নিদগ্ধ মৃতদেহটো দেখি হতবাক হৈ পৰে ।
পিছত আৰক্ষীক খবৰ দিয়াত উপ পৰিদৰ্শক আনিছুৰ ৰহমানৰ নেৰ্তৃত্বত যোৱা আৰক্ষীৰ দল এটাই অগ্নিদগ্ধ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষী আৰু পৰিয়ালৰ লোকে সদৰি কৰা মতে মৃত মঞ্জু নাথ মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ।