/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb67c0fc-8f72-4c18-bb3f-83eb5ad3c334/police.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ বাগৰিত শুকুৰবাৰে দিনৰ ভাগত উদ্ধাৰ হয় এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ৷ বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত পূৱ দেওপানী এলেকাত উদ্ধাৰ হয় মহিলাৰ মৃতদেহটো৷
বাগৰি আৰক্ষীৰ এগৰাকী বিষয়া জয়ন্ত তালুকদাৰে জনোৱা অনুসৰি, পূৱ দেওপানী অঞ্চলৰ একাংশ ৰাইজে পথৰ দাঁতিত পৰি থকা অৱস্থাত এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ দেখা পাই বাগৰি আৰক্ষীক অৱগত কৰে।
লগে লগে আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়লৈ নিয়ে৷ মহিলাগৰাকী মৃতদেহটোলৈ লক্ষ্য কৰি প্ৰাথমিক অনুসন্ধানত মানসিক বিকাৰগ্ৰস্ত হ’ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইপিনে, চিনাক্তৰ বাবে মহিলাগৰাকীৰ মৃতদেহ জখলাবন্ধা চিকিৎসালয়ৰ মৰ্গত ৭২ ঘণ্টাৰ বাবে ৰখা হৈছে বুলি জনাইছে আৰক্ষীৰ সূত্ৰই৷
Also Read: দীঘলদৰিত মৃত্যঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ