/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/kaliabor.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ মিছা চাহ বাগিচাত অঘটন।দুদিন পূৰ্বে পুখুৰী মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটা এজন যুৱকৰ সোমবাৰে মৃতদেহ উদ্ধাৰ হয় ।
নিহত যুৱকজন বাগিচাখনৰ ১৪ নং লাইনৰ অমৰ নায়ক বুলি চিনাক্ত কৰা হৈছে। দুদিন পূৰ্বে মাছ মাৰিবলৈ গৈ পুখুৰীত পৰি নিখোজ হৈছিল যুৱকজন।
দুদিন ধৰি স্থানীয় ৰাইজৰ লগতে এচডিআৰএফ আৰু কলিয়াবৰ অগ্নি নিৰ্বাপন আৰু আপাতকালীন বিভাগে যুৱকজনৰ সন্ধানত অভিযান চলোৱাৰ পিছত সোমবাৰে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
আৰু পঢ়ক: বেংকৰ পৰা ধন উলিয়াই নিয়াৰ পিছত ঠিকাদাৰৰ পৰা লুটিলে তিনি লাখ টকা…