ৰহস্যজনক অৱস্থাত উদ্ধাৰ গৃহৰক্ষী জোৱানৰ মৃতদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী গৃহৰক্ষী জোৱানৰ মৃতদেহ। বৃহস্পতিবাৰে দুলীয়াজানত ৰহস্যজনক অৱস্থাত গৃহৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ হয়।

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ডিজিটেল ডেস্কঃ ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী গৃহৰক্ষী জোৱানৰ মৃতদেহ। বৃহস্পতিবাৰে দুলীয়াজানত ৰহস্যজনক অৱস্থাত গৃহৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ হয়।

Advertisment

উদ্ধাৰ হোৱা মৃতদেহটো টিংখাঙৰ পুলিন গগৈৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। দুলীয়াজান অইল মাৰ্কেটত কৰ্মৰত আছিল পুলিন গগৈ। এই পৰ্যন্ত জোৱানজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

Also Read: প্ৰেমিকাৰ লগত বিয়াত বহিবৰ বাবে ২ বছৰীয়া সন্তানত হত্যা পিতৃৰ...