নিৰাপত্তা ক'ত? গুৱাহাটীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ

নিৰাপত্তাহীন হৈ পৰিছে নেকি মহানগৰী। প্ৰতিদিনেই ন ন অপৰাধকাণ্ডই জোকাৰি যায় গুৱাহাটী মহানগৰী। বুধবাৰে পুনৰ উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
নিৰাপত্তা ক'ত?  গুৱাহাটীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল ডেস্কঃ নিৰাপত্তাহীন হৈ পৰিছে নেকি মহানগৰী। প্ৰতিদিনেই ন ন অপৰাধকাণ্ডই জোকাৰি যায় গুৱাহাটী মহানগৰী। বুধবাৰে পুনৰ উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

মহানগৰীৰ ধীৰেণপাৰাৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৭নং গেটৰ সমীপত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো প্রকাশ বড়ো নামৰ এজন লোকৰ বুলি চিনাক্ত হৈছে।

দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা গৈছে। আৰক্ষীয়ে লোকজনৰ পৰা উদ্ধাৰ কৰা নাই কোনো পাৰ্ছ বা অন্যান্য সামগ্ৰী। যাৰ বাবে ডকাইতি কৰাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্তৰ।

Also Read: মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই জ্য়েষ্ঠ-কনিষ্ঠ ভাতৃৰ

Assam police