/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9d2c45b0-755b-415e-aed6-5b3b47563545/download.jpg)
ডিজিটেল সংবাদ, মানকাচৰ: মানকাচৰৰ তেলিপাৰাত কবৰ খান্ধি উলিওৱা হ'ল মৃতদেহ। নুৰিমা খাতুন নামৰ এগৰাকী ৫৪ বছৰীয়া মহিলাৰ মৃতদেহ আৰক্ষীয়ে কবৰ খান্ধি উলিয়ায়।
মহিলা গৰাকীৰ মৃত্যু হোৱাত সোমবাৰে কবৰ দিয়া হৈছিল। স্বামী গৃহত মৃত্যু হোৱাত গাঁৱবাসীয়ে কবৰ দিয়ে মহিলা গৰাকীক।
কিন্তু মহিলা জনীৰ পিতৃ পৰিয়ালৰ পৰা সহিদূৰ ৰহমান নামৰ ভাতৃ জনে হত্যাৰ অভিযোগ তুলি মানকাচৰ থানাত এজাহাৰ দিয়ে। মানকাচাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩২৮/৩০২/৩৪ ধাৰাৰ অধীনত ২৯৭/২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে।
উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহটি মঙলবাৰে কবৰ খান্ধি উদ্ধাৰ কৰে।পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিব মৃতদেহ।
ইতিমধ্যে ঘটনা সন্দৰ্ভক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মহিলা গৰাকীক প্ৰকৃততে হত্যা কৰা হৈছে নে স্বাভাৱিক মৃত্যু মুখত পৰিছে এয়া আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব।
জানিব পৰা মতে দীৰ্ঘ দিনৰ পৰা মহিলা গৰাকীৰ সৈতে স্বামী পৰিয়ালৰ ঘৰুৱা কন্দল চলি আছিল। একেদৰে মহিলা গৰাকী জটিল বেমাৰত আক্ৰান্ত হৈ থকা বুলিও জানিব পৰা গৈছে।