/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/35b36b6d-32e6-4353-b273-042fecd1daf5/de.jpg)
ডিজিটেল সংবাদ, ওৰাং:- ওৰাঙৰ ধনশ্ৰীঘাটৰ ধনশ্রী নদীত মঙলবাৰে বিয়লি এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ওৰাঙৰ ধনশ্রঘাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্রী নদীৰ দলঙৰ সমীপৰ্তে উদ্ধাৰ হোৱা যুৱক জনৰ বয়স অনুমান ৩৬ পৰা ৪০ বছৰ হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
উল্লেখ যে আজি বিয়লি ২ বজাত নদীৰ পাৰত উবুৰি খাই থকা এটা মৃতদেহ প্রত্যক্ষ কৰি প্রথমে ধনশ্রঘাট গাওঁৰক্ষী বাহিনীৰ সম্পাদক গদাধৰ শৰ্মাক খবৰ দিয়াত সম্পাদক গৰাকীয়ে ওৰাং আৰক্ষীক অবগত কৰাই আৰু ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবীন্দ্র ৰাভাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো প্রত্যক্ষ কৰে। তাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্রেৰন কৰে।
উল্লেখ্য যে অৰ্ধগলিত যুৱক জনৰ মৃতদেহ কৰ পৰা আহি কেনেকৈ ধনশ্রী নদীৰ দলঙৰ কাষত পৰি থাকিল এই সংক্রান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বৰ্তমানলৈকে মৃতদেটো চিনাক্ত হোৱা নাই।